HS 2nd Year Part B Chapter 3 Assamese
Chapter 3: পৰিকল্পিত বিকাশৰ ৰাজনীতি
1.
পৰিকল্পনা
বুলিলে কি বুজা?
ইয়াৰ গুৰুত্ব আলোচনা কৰা।
উঃ- অতি সাধাৰণ অর্থত পৰিকল্পনা বুলি কলে কোনো এটা কাম
সুচাৰুৰূপে সম্পাদন কৰিবলৈ বা কৰিবৰ বাবে নির্দিষ্ট কর্তৃপক্ষই আগতীয়াকৈ সু-
সংগঠিত আঁচনি বা কার্য ব্যৱস্থা গ্রহণ কৰা। এনে কার্য ব্যৱস্থাসমূহকে পৰিকল্পনা
বুলি কোৱা হয়। পৰিকল্পিত বিকাশ হ’ল-বিকাশৰ এটা আৰ্হি বা পৰিকল্পনাৰ জৰিয়তে সাধন
কৰা বিকাশ। অর্থাৎ কি ধৰণে আৰু কেনেদৰে বিকাশ সাধন কৰা হ’ব ইয়াৰ এক পৰিকল্পনা
অথবা আৰ্হি প্রস্তুত কৰাকে পৰিকল্পিত বিকাশ আখ্যা দিয়া হয়।
এখন ৰাষ্ট্রৰ অর্থনৈতিক বিকাশত পৰিকল্পনাৰ যথেষ্ট
গুৰুত্ব আছে। শক্তিশালী আৰু সু-সংহত পৰিকল্পনাৰ জৰিয়তেহে এখন ৰাষ্ট্রৰ সামগ্রীক
দিশত সর্বাধিক বিকাশ সম্ভৱ হয়। তলত পৰিকল্পনাৰ গুৰুত্ব আলোচনা কৰা হ’ল-
(ক) অর্থনৈতিক সম্পদৰ সু–ব্যৱহাৰঃ– অর্থনৈতিক
সম্পদৰ সু-ব্যৱহাৰৰ ক্ষেত্রত পৰিকল্পনাই যথেষ্ট সহায় কৰে। ই সীমিত উৎসৰ জৰিয়তে
নূন্যতম প্রয়োজনীয়তাসমূহ পূৰণ কৰাত গুৰুত্ব আৰোপ কৰে।
(খ) মৌলিক প্রয়োজনীয়তা পূৰণঃ–
পৰিকল্পনাৰ উৎপাদন আৰু বিতৰণ ব্যৱস্থাটো এনেধৰণে সজোৱা হয় যাতে
সমাজৰ সকলো শ্ৰেণীৰ জনগণত মৌলিক প্রয়োজনীয়তাসমূহ পূৰণ হয়।
(গ) নির্দিষ্ট সময়ৰ ভিতৰত নির্ধাৰিত কার্য
সম্পাদনঃ– পৰিকল্পনাই
নির্দিষ্ট সময়ৰ ভিতৰত নির্ধাৰিত কার্যসমূহ সম্পাদন কৰিবলৈ আমাক সহায় কৰে।
(ঘ) সামাজিক বিকাশৰ সহায়কঃ– পৰিকল্পনাই নিৰক্ষৰতা, দৰিদ্রতা, ইত্যাদি বিভিন্ন
সামাজিক সমস্যা সমাধান কৰি পৰিপূর্ণ বিকাশত যথেষ্ট সহায় কৰে।
(ঙ) সন্তুলিত অর্থনৈতিক বিকাশঃ– পৰিকল্পনাৰ জৰিয়তে উৎপাদন ব্যৱস্থাৰ সম বিতৰণৰ
জৰিয়তে সকলো শ্রেণীৰ লোক সমানে উপকৃত হোৱাৰ ওপৰত গুৰুত্ব প্রদান কৰা হয়। ই জনগণক
অর্থনৈতিক সমতা আৰু স্বাধীনতা প্রদানেৰে সকলো শ্রেণীৰ সন্তুলিত অর্থনৈতিক বিকাশ
সাধনৰ চেষ্টা কৰা হয়।
2. পৰিকল্পনা আয়োগৰ গঠন ব্যাখ্যা কৰা। পৰিকল্পনা আয়োগৰ মূল কার্যসমূহ উল্লেখ কৰা।
উত্তৰ 1950 চনৰ
25 জানুৱাৰীত কংগ্ৰেছ কার্যকৰী সমিতিৰ এক অধিবেশনত পৰিকল্পনা
আয়োগ গঠনৰ প্রস্তাৱ গ্রহণ কৰা হয়। এই প্রস্তাৱ মর্মে 1950 চনৰ
15 মার্চত পৰিকল্পনা আয়োগ গঠন কৰা হয়। ভাৰতবর্ষৰ
প্রধানমন্ত্রীক সভাপতি হিচাপে লৈ এই আয়োগ গঠন কৰা হয়। ই এক স্বতন্ত্র সমিতি। যত 4
ৰ পৰা 10 জন সদস্য থাকে। এই সদস্যসকলৰ
নেতৃত্বত ভাৰতৰ সামগ্রীক উন্নয়নৰ বাবে 5 বছৰীয়া পৰিকল্পনা
গ্রহণ কৰা হৈছিল।
পৰিকল্পনা আয়োগৰ মূল কার্যসমূহ তলত উল্লেখ কৰা হ‘ল–
(i) সম্পদৰ সু–সমীক্ষাঃ– পৰিকল্পনা আয়োগৰ এটা প্রধান কার্য হৈছে
দেশৰ সম্পদ (প্রাকৃতিক, মানৱ সম্পদ), মূলধন
ইত্যাদিৰ সমীক্ষা সংগ্রহ কৰি এখন সমৃদ্ধিশালী তথা অর্থনৈতিকভাবে প্রগতিশীল ৰাষ্ট্র
গঠনৰ বাবে ইয়াৰ সু ব্যৱহাৰ বাস্তৱত কার্যকৰী কৰা।
(ii)পৰিকল্পনা প্রস্তুত কৰণ – ভাৰতৰ পৰিকল্পনা আয়োগৰ অন্য এটি প্রধান
কাম হৈছে 5 বছৰীয়া পৰিকল্পনাৰ জৰিয়তে ৰাষ্ট্ৰৰ সামগ্রীক
উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা।
(iii) পৰিকল্পনা বাস্তৱত কার্যকৰীকৰণ:- কেৱল পৰিকল্পনা প্ৰস্তত কৰণতেই আয়োগৰ
কার্য সীমাবদ্ধ নহয়। ইয়াক বাস্তৱত কার্যকৰী কৰাৰ জৰিয়তে সাধাৰণ জনগণক উপকৃত
কৰাতো পৰিকল্পনা আয়োগৰ এটা প্রধান কাম।
(iv) আঞ্চলিক বিকাশঃ– স্বাধীনতাৰ সময়ত ভাৰতত বিকাশৰ ভাৰসাম্য
নাছিল। সেয়ে পৰিকল্পনা আয়োগে পৰিকল্পনা কার্যকৰী কৰণৰ জৰিয়তে তুলনামূলক ভাৱে
পিছ পৰি থকা অঞ্চলসমূহৰ দ্রুত বিকাশ সাধন কৰি আঞ্চলিক ভাৰসাম্য ৰক্ষা কৰে।
(v) সামাজিক ন্যায় প্রতিষ্ঠাঃ– পৰিকল্পনা আয়োগে পৰিকল্পনাৰ
বাস্তবায়িত কৰণৰ জৰিয়তে সামগ্রীক জনগণৰ নূন্যতম প্রয়োজনীয়তাসমূহ পূৰণৰ জৰিয়তে
সামাজিক সমতা আৰু ন্যায় প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰে।
3.
কোন
চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল? (HS
2018)
উত্তৰ: 1950 চনৰ 15 মাৰ্চত।
4. বর্তমান ভাৰতত
পৰিকল্পনা আয়োগৰ সলনি কোনটো প্রতিষ্ঠান গঢ়ি তোলা হৈছে। (HS
2017)
উত্তৰঃ নীতি আয়োগ।
5.
ভাৰতৰ
সেউজ বিপ্লৱৰ পিতৃ কাক আখ্যা দিয়া হয়। (HS
2016)
উত্তৰঃ এম এছ স্বামিনাথন।
6.
ভাৰতৰ
দুগ্ধ মানৱ কাক আখ্যা দিয়া হয়। (HS 2013)
উত্তৰঃ ভার্গিজ কুৰেইন।
7.
বোম্বাই
পৰিকল্পনা কি আছিল। (HS 2012)
উত্তৰ: 1944 চনত কিছুসংখ্যক
উদ্যোগপতিয়ে বোম্বাইত মিলিত হৈ ভাৰতত পৰিকল্পিত অর্থনীতি প্রতিষ্ঠা কৰিবৰ বাবে
এটা যৌথ প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰে, যাক বোম্বাই
পৰিকল্পনা বুলি জনা যায়।।
8.
পঞ্চবার্ষিক
পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল? (HS 2012)
উত্তৰ: 1951 চনত।
9.
পৰিকল্পনাৰ
দুটা উদ্দেশ্য উল্লেখ কৰা। (HS 2013, 2015)
উত্তৰ: (i) জনসাধাৰণৰ জীৱন ধাৰণৰ
মানদণ্ড উন্নত কৰা।
(ii) সম্পদ আৰু সময়ৰ সদ
ব্যৱহাৰ।
10.
মিশ্র
অর্থনীতি কি?
উত্তৰঃ মিশ্র অর্থনীতি হ’ল এনে এক অর্থনৈতিক বিকাশৰ
আৰ্হি য’ত চৰকাৰী খণ্ড আৰু বেচৰকাৰী খণ্ড উভয়ৰে ওপৰত গুৰুত্ব প্রদান কৰা হয়।
11.
শ্বেত
বিপ্লৱ বুলিলে কি বুজা?
উত্তৰঃ গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত দ্রব্যক কেন্দ্ৰ
কৰি সংঘটিত হোৱা পৰিৱৰ্তন বা বিপ্লৱক শ্বেত বা দুগ্ধ বিপ্লৱ বুলি কোৱা হয়।
12.
সেউজ
বিপ্লৱৰ দ্বাৰা লাভান্বিত হোৱা দুখন ৰাজ্যৰ নাম লিখা।
উত্তৰ: পঞ্জাৱ আৰু হাৰিয়ানা।
13.
শ্বেত
বিপ্লৱ কোনখন ৰাজ্যত আৰু কেতিয়া সংঘটিত হৈছিল?
উত্তৰঃ শ্বেত বিপ্লৱ
গুজৰাট ৰাজ্যত 1970 দশকত সংঘটিত হৈছিল।
14.
পৰিকল্পনা
আয়োগৰ ভূমিকা আলোচনা কৰা। বৰ্তমান পৰিকল্পনা আয়োগ পৰিবৰ্তে গঠন কৰা সংগঠনটোৰ নাম
কি? (HS 2019)
উত্তৰ- ভাৰতৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত পৰিকল্পনা
আয়োগে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে। এই বিষয়ে তলত উল্লেখ কৰা হ’ল
(ক) পৰিকল্পনা আয়োগে
দেশৰ বিকাশৰ ক্ষেত্ৰত প্রয়োজনীয় সকলো পৰিকল্পনা প্রস্তুত কৰে।
(খ)
পৰিকল্পনা
আয়োগে দেশৰ সামগ্রী, পুঁজি, মানৱ সম্পদৰ উন্নয়নৰ
ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
(গ) ভাৰতৰ দৰে এখন
তৃতীয় বিশ্বৰ দেশৰ সকলো স্তৰৰ জনসাধাৰণৰ মৌলিক প্রয়োজনসমূহ পূৰণৰ ক্ষেত্ৰত
পৰিকল্পনা আয়োগৰ ভূমিকা উল্লেযোগ্য।
(ঘ) পৰিকল্পনা আয়োগে
ভাৰতৰ পৰা নিৰক্ষৰতা, দৰিদ্ৰতা
আদিৰ লগতে বিভিন্ন সামাজিক সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত
চৰকাৰক
সহায় কৰিছিল।
পৰিকল্পনা আয়োগৰ সলনি গঠন কৰা সংগঠনটোৰ নাম হ’ল- নীতি
আয়োগ।
15.
দ্বিতীয়
পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি বিকাশৰ মাজত উদ্ভৱ হোৱা বিতর্ক
বর্ণনা কৰা। (HS 2018, 2020)
উত্তৰঃ দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত
উদ্যোগীকৰণ আৰু কৃষি বিকাশক কেন্দ্ৰ কৰি পৰিকল্পনাকাৰীসকলৰ মাজত বিতৰ্কৰ সৃষ্টি
হৈছিল। কিয়নো পৰিকল্পনাকাৰীসকলে উদ্যোগীক খণ্ডৰ নে
কৃষিখণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব দিব সেই বিষয় লৈ বিশৃংখলতাৰ সৃষ্টি হৈছিল।
কিছুসংখ্যকে পৰিকল্পনাকাৰীয়ে উদ্যোগীকৰণৰ সপক্ষে যুক্তি দি কৈছিল প্রাকৃতিক আৰু
মানৱ সম্পদত চহকী ভাৰত উদ্যোগীকৰণৰ বাবে উপযুক্ত।আনহাতে, আন কিছুসংখ্যকে
যুক্তি দিছিল যে কৃষিজীৱি ভাৰতত কৃষিখণ্ডক অৱহেলা কৰিব নোৱাৰি অথচ কৃষিখণ্ডত অধিক
গুৰুত্বহে প্রদান কৰিব লাগে। এনেদৰে কৃষিখণ্ড আৰু
উদ্যোগীক খণ্ডৰ বিকাশক লৈ বিতর্ক সৃষ্টি হৈছিল।
16.
ভাৰতত
পৰিকল্পনাৰ উদ্দেশ্যসমূহ আলোচনা কৰা। (HS
2016)
উত্তৰঃ ভাৰতত পৰিকল্পনাৰ উদ্দেশ্যসমূহ তলত আলোচনা কৰা
হ’ল-
(i) জনসাধাৰণৰ জীৱন ধাৰণৰ
মানদণ্ড উন্নত কৰা।
(ii) দেশৰ সকলো সম্পদৰ
উপযুক্ত আৰু সদ ব্যৱহাৰ কৰা।
(iii) ভাৰতৰ সকলো ৰাজ্য বা
সকলো অঞ্চলৰ সমানে বিকাশ সাধন কৰা।
(iv) অর্থনৈতিক বিকাশত
সহায়ক হোৱাকৈ দেশৰ জাতীয় আয় বৃদ্ধি কৰা।
(v) অর্থনৈতিক অসমতা দুৰ
কৰা আৰু সামাজিক ন্যায় প্রতিষ্ঠা কৰাটোও পৰিকল্পনাৰ এটা উদ্দেশ্য।
17.
সেউজ
বিপ্লৱৰ দুটা যোগাত্মক আৰু দুটা ঋণাত্মক ফলাফল লিখা। (HS
2023)
উত্তৰ:
সেউজ
বিপ্লৱৰ দুটা যোগাত্মক ফলাফল হল –
ক) উৎপাদনৰ বৃদ্ধি।
খ) ৰপ্তানি বৃদ্ধি।
সেউজ বিপ্লৱৰ দুটা ঋণাত্মক
ফলাফল-
ক) সেউজ বিপ্লৱৰ ফলস্বৰূপে গ্ৰাম্যাঞ্চলৰ ধনী শ্ৰেণীৰ
লোকৰ হাতত দহ শতাংশ সম্পত্তি কেন্দ্রীভূত হৈ পৰে।
খ)সেউজ বিপ্লৱৰ ফলস্বৰূপে মাটিৰ গুণাগুণ হ্রাস পালে।
18.
পৰিকল্পিত
বিকাশ মানে কি? ভাৰতৰ বিকাশত
পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা। (HS
2022, 2018, 2016, 2012)
উত্তৰঃ পৰিকল্পিত
বিকাশ মানে হল বিকাশৰ সেইটো আৰ্হি য’ত কি ধৰণে কেনেদৰে বিকাশ সাধন হ’ব তাৰ ওপৰত
কৰা এক পৰিকল্পনা প্ৰস্তুত কৰা।
ভাৰতৰ বিকাশত পৰিকল্পনা আয়োগে গুৰুত্বপূৰ্ণ ভূমিকা
গ্রহণ কৰি আহিছে। তলত পৰিকল্পনা আয়োগে গ্রহণ কৰা ভূমিকা আলোচনা কৰা হ’ল-
(i) পৰিকল্পনা আয়োগে
ভাৰতৰ বিকাশৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা কৌশল সমূহ গ্ৰহণ কৰি বিকাশিত ভাৰতবৰ্ষ গঢ়াৰ
ক্ষেত্ৰত অৱদান আগবঢ়াইছে।
(ii) পৰিকল্পনা আয়োগে
ভাৰতে সন্মুখীন হোৱা সমস্যাসমূহ যেনে নিবনুৱা সমস্যা, দৰিদ্ৰতা, দুর্ভিক্ষ আদি
নির্মূল কৰাৰ উপযুক্ত উপায় উদ্ভাৱনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে।
(iii) পৰিকল্পনা আয়োগে
ভাৰতৰ আধুনীকিকৰণৰ বাবে কৃষি, আৰু উদ্যোগীক খণ্ডৰ বিকাশৰ বাবে
পাঁচ বছৰীয়া আৰু এবছৰীয়া পৰিকল্পনা গ্রহণ কৰিছে।
(iv) পৰিকল্পনা আয়োগে
ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে জাতীয় বৃদ্ধি, জীৱন ধাৰণৰ মানদণ্ড
উন্নীতকৰণ আদিৰ ওপৰত গুৰুত্ব দি আহিছে।
গতিকে, দেখা যায় যে পৰিকল্পনা আয়োগে
ভাৰতৰ বিকাশৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে।
19.
স্বাধীনতাৰ
পিছত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতর্ক সমূহ আলোচনা কৰা। (HS
2013, 2015, 2017)
উত্তৰঃ স্বাধীনতাৰ পিছৰ সময়ছোৱাত পৰিকল্পিত বিকাশক লৈ
পৰিকল্পনাকাৰী সকলৰ মাজত বিতৰ্কৰ সৃষ্টি হৈছিল। তলত এই বিতৰ্কসমূহ আলোচনা কৰা হ’ল-
(i) কৃষি বনাম উদ্যোগ:
দ্বিতীয়
পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত পৰিকল্পনাকাৰীসকলে ভাৰতে কৃষিৰ ওপৰত
অধিক গুৰুত্ব দিবনে উদ্যোগীক খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিব তাক লৈ বিতৰ্কৰ সৃষ্টি
হৈছিল অর্থাৎ উদ্যোগীক খণ্ডৰ ওপৰত গুৰুত্ব দিলেও কৃষি খণ্ডক যাতে অবজ্ঞা কৰা নহয়
তাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।
(ii) ৰাজহুৱা খণ্ড বনাম
ব্যক্তিগত খণ্ড: মিশ্র অর্থনীতিৰ
ফলস্বৰূপে ভাৰতে ব্যক্তিগত আৰু চৰকাৰী খণ্ড উভয়ৰে ওপৰত গুৰুত্ব দিছিল যদিও
পৰিকল্পনাকাৰীসকলে
ব্যক্তিগত খণ্ডক প্রয়োজনীয় সুযোগ সুবিধা আগবঢ়োৱা নাই বুলি সমালোচনা কৰে।কিন্তু
ইয়াৰ পৰিৱৰ্তে চৰকাৰী খণ্ডৰ ওপৰত প্রয়োজনতকৈ অধিক গুৰুত্ব দি আহিছে। ফলত ইয়াক
লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।
(iii) কেন্দ্রীভূত
পৰিকল্পনা বনাম গণবিতুষ্টি: ভাৰতৰ পৰিকল্পনা
আয়োগত ভাৰতৰ সকলো অঞ্চলৰ লোক অন্তর্ভুক্ত হোৱা নাছিল। যাক লৈ জনগণৰ মাজত
অসন্তুষ্টি আৰু বিতৰ্কৰ সৃষ্টি হৈছিল।
20.
সেউজ
বিপ্লৱ বুলিলে কি বুজা? ইয়ান ফলাফলবোৰ লিখা। (HS
2014, 2016, 2017, 2018, 2020)
উত্তৰ: 1960 দশকত ভাৰতত হোৱা
খাদ্য সংকটৰ ফলস্বৰূপে ভাৰতবর্ষ আমেৰিকাৰ ওপৰত নির্ভৰ কৰিব লগা হৈছিল। আমেৰিকা
ইয়াৰ সুবিধা গ্ৰহণ কৰি ভাৰতৰ বিভিন্ন নীতিত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে। এনে
পৰিস্থিতিত ভাৰতে খাদ্যৰ ক্ষেত্রত আত্ম নির্ভৰশীল হবলৈ সিদ্ধান্ত লৈ কৃষি খণ্ডত
নতুন কৌশল প্ৰবৰ্তন কৰে। 1960 দশকৰ মাজভাগৰ পৰা ভাৰতত পৰম্পৰাগত পুৰণি কৃষি-কৌশলৰ
সলনি আধুনিক প্রযুক্তিবিদ্যা, উন্নত বীজ, সাৰ আৰু জলসিঞ্চনৰ
ব্যৱহাৰৰ দ্বাৰা কৃষি খণ্ডৰ আমোল পৰিবর্তন সাধন হয়। যাক সেউজ বিপ্লৱ আখ্যা দিয়া
হয়। সেউজ বিপ্লৱৰ পিতৃ হৈছে নর্মান বৰলাউগ। 2006 চনত ভাৰত চৰকাৰে
তেওঁক পদ্মবিভূষন সমানেকে বিভূষিত কৰে।
সেউজ বিপ্লৱৰ ফলাফলসমূহ তলত
দিয়া ধৰণৰ-
(i) ভাৰতৰ বহু ঠাইত
ভূ-স্বামীসকলে কৃষকসকলক শোষণ কৰাৰ ফলত কৃষিৰ উৎপাদন ব্যাপকভাৱে নিম্নগামী হৈছিল।
কিন্তু ভূ-সংস্কাৰ আৰু কৃষিখণ্ডৰ আধুনিকীকৰণে ভাৰতবৰ্ষৰ মধ্যমীয়া কৃষকসকলক
ব্যাপকভাবে উপকৃত কৰে।
(ii) ভাৰতীয় সমাজ
ব্যৱস্থাত প্ৰচলিত ধনী আক দুখীয়া কৃষকৰ মাজত থকা বৈষম্য সেউজ বিপ্লৱৰ জৰিয়তে
নির্মূল কৰিবলৈ ভাৰত চৰকাৰ সক্ষম হয়।
(iii) জাতীয় কংগ্রেছ দলক
সেউজ বিপ্লৱে পুনৰ এক জনপ্রিয় ৰাজনৈতিক দল হিচাপে প্রতিষ্ঠিত কৰায়।
(iv) কৃষিজাত দ্রব্যৰ
উৎপাদনত ভাৰতবর্ষ স্বাৱলম্বী হয়। বিশেষকৈ ধান আৰু ঘেঁহু উৎপাদনত সেউজ বিপ্লৱৰ
জৰিয়তে ভাৰতবৰ্ষ ব্যাপকভাবে সফল হয়।
এইবোৰেই হৈছে সেউজ বিপ্লৱৰ মূল ফলাফল।
Comments
Post a Comment