HS 1st Year Part A Chapter 1 Assamese
Chapter 1: সংবিধান কিয় আৰু কেনেকৈ?
১। তলত উল্লেখ কৰা কোনবিধ কার্য সংবিধানৰ নহয় ?
(ক) সংবিধানে নাগৰিকৰ অধিকাৰক সুৰক্ষা প্রদান কৰে
।
(খ) সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত
কৰে ।
(গ) সংবিধানে চৰকাৰৰ বিভিন্ন অংগবিলাকৰ
ক্ষমতাবােৰ স্পষ্ট কৰি দিয়ে ।
(ঘ) সংবিধানে কেতবােৰ মূল্যবােধৰ প্ৰকাশ কৰে ৷
উত্তৰঃ (খ) সংবিধানে ভাল মানুহক ক্ষমতালৈ অহাত নিশ্চিত কৰে
।
২। সংবিধান কাক বোলে ?
উত্তৰঃ সংবিধান হ’ল সেইবিলাক বিধি – নিয়মৰ সমষ্টি যাৰ
দ্বাৰা চৰকাৰৰ ক্ষমতা , শাসিতৰ অধিকাৰ আৰু শাসক – শাসিতৰ মাজত সম্পর্ক
স্থিৰ কৰা হয় ।
৩। সংবিধানৰ যিকোনো এটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ সংবিধানৰ ধাৰণা মূলতঃ এটি আইনগত ধাৰণা ।
৪। সংসদীয় চৰকাৰত কাৰ্যপালিকা বিধিগতভাৱে_____ ৰ ওচৰত দায়বদ্ধ থাকে ।
উত্তৰঃ বিধানমণ্ডলৰ ওচৰত ।
৫। ভাৰতীয় সংবিধানৰ যিকোনো এটা মূল লক্ষ্য লিখ ।
উত্তৰঃ সকলোৰে বাবে সমান মর্যাদা আৰু সুযোগ প্রদান
কৰা ।
৬। সংবিধান শব্দটো লেটিন ভাষাৰ কি শব্দৰ পৰা
আহিছে ?
উত্তৰঃ ‘কনষ্টিটুৱেৰ ( Constituere ) শব্দৰ পৰা আহিছে ।
৭। সংবিধান হৈছে ৰাষ্ট্রৰ মৌলিক আইন । শুদ্ধ নে
অশুদ্ধ ?
উত্তৰঃ শুদ্ধ ।
৮। লিখিত সংবিধানৰ এটা গুণ লিখা ।
উত্তৰঃ লিখিত সংবিধানৰ প্রতি জনসাধাৰণৰ সমর্থন থাকে ।
৯। অলিখিত সংবিধানৰ এটা দোষ লিখা ।
উত্তৰঃ অলিখিত সংবিধানসমূহ অধিক গতিশীল হয় ।
১০। গ্রেট বৃটেইনৰ সংবিধান নমনীয় হয় নে নহয় ?
উত্তৰঃ হয় ।
১১। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ খচৰা কোনে প্রস্তুত কৰিছিল ?
উত্তৰঃ খচৰা সমিতিয়ে ।
১২। ভাৰতীয় সংবিধান ১৯৪৯ চনৰ ___তাৰিখে গ্রহণ কাৰ হৈছে ।
উত্তৰঃ ২৬ নৱেম্বৰত ।
১৩। ভাৰতীয় সংবিধান ১৯৫০ চনৰ __তাৰিখৰ পৰা কার্যকৰী হৈছে ।
উত্তৰঃ ২৬ জানুৱাৰী ।
১৪। সংবিধান সভাৰ সভাপতি কোন আছিল ?
উত্তৰঃ ড° ৰাজেন্দ্র প্রসাদ ।
১৫। সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ?
উত্তৰঃ ড° বি.আৰ. আম্বেদকাৰ ।
১৬। প্রস্তাৱনাৰ যিকোনো এটা নীতিৰ বিষয়ে
উল্লেখ কৰা ।
উত্তৰঃ সার্বভৌমত্ব ।
১৭। ভাৰতীয় সংবিধানৰ এটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখা ।
উত্তৰঃ লিখিত সংবিধান ।
১৮। ভাৰতীয় সংবিধানৰ এটা একাত্মক বা অ – যুক্তৰাষ্ট্ৰীয়
বৈশিষ্ট্য লিখা ।
উত্তৰঃ একক নাগৰিকত্ব ।
১৯। সংবিধান সভাৰ খচৰা সমিতিৰ সদস্য সংখ্যা কিমান আছিল ?
উত্তৰঃ ৭ জন ।
২০। সংবিধান দেশৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাৰ কেন্দ্রবিন্দু ।
ব্যাখ্যা কৰা ৷
উত্তৰঃ
এখন দেশৰ সংবিধানে জনসাধাৰণৰ আশা আকাংক্ষা প্রতিফলিত কৰে । গণতান্ত্রিক দেশ এখনৰ
সংবিধানে জনসাধাৰণৰ কল্যাণৰ দিশটোক মুখ্যস্থান দিয়ে । সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণে যাতে স্বাধীনতা , সমতা আৰু ন্যায় পাব পাৰে তাৰ বাবে সংবিধানত বিভিন্ন ব্যৱস্থা অন্তর্ভুক্ত কৰা
হয় ।
২১। ভাৰতীয় সংবিধানৰ মূল উৎসসমূহ চমুকৈ লিখা ।
উত্তৰঃ ১। ভাৰত শাসন আইন :- পৰাধীন ভাৰতৰ শাসনকার্য
পৰিচালনাৰ বাবে বৃটিছ সংসদে কেইবাখনো আইন গৃহীত কৰিছিল । এই বিষয়ত ১৯০৯ , ১৯১৯ আৰু ১৯৩৫
চনৰ আইন বিশেষভাৱে উল্লেখযোগ্য। এই আইনবোৰৰ ভিতৰত ১৯৩৫ চনৰ আইনক ভাৰতৰ সংবিধানক
ভেঁটি বুলি ক’ব পাৰি ।
২। বৃটেইনৰ শাসনব্যবস্থা :- আমাৰ দেশৰ সংবিধানে কেন্দ্ৰ আৰু
ৰাজ্যসমূহৰ বাবে সংসদীয় পদ্ধতিৰ শাসন ব্যৱস্থ কৰিছে । ভাৰতীয় সংসদীয়
শাসনব্যৱস্থা বৃটিছ সংবিধানৰ প্রত্যক্ষ অৱদান বুলি ক’ব পাৰি ।
৩। ন্যায়িক সমীক্ষা :- ভাৰতৰ সংবিধানে ন্যায়পালিকাক
স্বতন্ত্রতা প্ৰদান কৰিছে । গতিকে ন্যায়িক সমীক্ষক আমাৰ সংবিধান অন্যতম উৎস বুলি
ক’ব পাৰি ।
৪। আইন আৰু অধ্যাদেশ :- ভাৰতৰ সংসদে সময়ে সময়ে গ্রহণ কৰা
কিছুমান আইনক সংবিধানৰ উৎস বুলি গণ্য কৰিব পাৰি ।
৫। সংবিধান সংশোধন :- ১৯৫০ চনৰ পৰা কাৰ্যকৰী হোৱা
ভাৰতীয় সংবিধানখন এতিয়ালৈ বহুবাৰ সংশোধন কৰা হৈছে । এই বিষয়ত ৪২ তম আৰু ৪৩ তম
সংশোধনীৰ কথা বিশেষভাৱে উল্লেখযোগ্য । সেয়ে এই
সংশােধনীসমূহক ভাৰতীয় সংবিধানৰ উৎস বুলি কোৱা হয় ।
৬। সমালোচক মন্তব্য :- সাংবিধানিক বিশেষজ্ঞসকলে সংবিধান বিষয়ে
আগবঢ়োৱা মতামত আমাৰ দেশৰ সংবিধান ৰচনা কৰোঁতে বহু পৰিমাণে বিবেচনা কৰা হৈছে ।
২২। ভাৰতীয় সংবিধান বৈশিষ্ট্যসমূহ আলোচনা
কৰা ।
উত্তৰঃ ১। প্রস্তাৱনা :- প্রস্তাৱনা মূল সংবিধানৰ অংশ নহয়
। এই প্রস্তাৱনাত সংবিধানৰ মূল উদ্দেশ্যসমূহ ব্যক্ত কৰা হৈছে ।
২। দীর্ঘতম সংবিধান :- ভাৰতবৰ্ষৰ সংবিধান বৰ দীঘল । ইয়াত
৪৪৩ টা অনুচ্ছেদ , ২৫ টা অধ্যায় আৰু ১২ টা অনুসূচী আছে ।
৩। লিখিত সংবিধান :- ভাৰতবৰ্ষৰ সংবিধানখন এখন লিখিত সংবিধান
। আমাৰ সংবিধান লিখিত সংবিধান হলেও ইংলেণ্ডত প্রচলন থকা কিছুমান প্রথাগত নীতি আমাৰ
দেশতো মানি চলা হয় ।
৪। সংবিধানৰ প্রাধান্য :- সংবিধানৰ প্রাধান্য ভাৰতীয়
সংবিধানৰ অন্যতম বৈশিষ্ট্য । সংবিধানেই সমুদায় ৰাষ্ট্রীয় ক্ষমতা আৰু নাগবিক
অধিকাৰৰ উৎস ।
৫। গণতান্ত্রিক সংবিধান :- আমাৰ সংবিধানৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য এই যে এইখন এখন
গণতান্ত্রিক সংবিধান ।
৬। একনাগৰিকত্বৰ ব্যৱস্থা :- ভাৰতবৰ্ষৰ সংবিধানে ভাৰতবৰ্ষত
একক – নাগৰিকত্বৰ ব্যৱস্থা কৰিছে ।
২৩। ভাৰতীয় সংবিধানৰ দুটা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য লিখ ।
উত্তৰঃ ১। ক্ষমতা বিভাজন :- ফেডাৰেল চৰকাৰৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হৈছে ক্ষমতা
বিভাজন । ভাৰতীয় সংবিধানত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা বিভাজন কৰিবৰ
কাৰণে তিনিখন তালিকা সন্নিবিষ্ট কৰা হৈছে । কেন্দ্রীয় তালিকা , উমৈহতীয়া
তালিকা আৰু ৰাজ্যিক তালিকা ।
২। দৃঢ় সংবিধান :- ভাৰতীয় সংবিধানৰ ফেডাৰেল বুলি কোৱাৰ আন
এটা কাৰণ হ’ল যে এই সংবিধান লিখিত আৰু দৃঢ় ।
২৪। ভাৰতীয় সংবিধানৰ যিকোনো দুটা
অযুক্তৰাষ্ট্ৰীয় বা একাত্মক বৈশিষ্ট্য লিখা ।
উত্তৰঃ ১। এক নাগৰিকত্ব :- যুক্তৰাষ্ট্ৰত দ্বি – নাগৰিকত্বৰ
ব্যৱস্থা থাকে । ভাৰতৰ সংবিধানে দেশৰ নাগৰিক সকলক দ্বি – নাগৰিকত্ব প্রদান কৰা নাই
।
২। অংগৰাজ্যৰ মর্যাদাৰ অসমতা :- এখন যুক্তৰাষ্ট্ৰ অংগৰাজ্যবোৰে যি মর্যাদা ভোগ কৰে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত অংগৰাজ্যসমূহে সেই মর্যাদা ভোগ কৰা নাই ।
২৫। জৱাহৰলাল নেহৰুৰৰ উদ্দেশ্য সম্বলিত প্ৰস্তাৱৰ যিকোনো দুটা মূল কথাৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰঃ ১। ভাৰতবৰ্ষক এখন স্বাধীন সার্বভৌম গনৰাজ্য হিচাপে
প্রতিষ্ঠা কৰা আৰু ইয়াৰ ভৱিষ্যতব শাসন – ব্যৱস্থাৰ কাৰণে এখন সংবিধান প্রণয়ন কৰা
।
২। সার্বভৌম স্বাধীন ভাৰতবৰ্য , ইয়াৰ অংগ
ৰাজ্যসমূহ আৰু চৰকাৰৰ অংগ সমূহে ক্ষমতা আৰু কতৃত্ব জনসাধাৰণক পৰা লাভ কৰিব।
Comments
Post a Comment