H S 1st Year Part A Chap 2 Assamese

 

Chapter 2: ভাৰতীয় সংবিধানত থকা অধিকাৰসমূহ

১। মৌলিক অধিকাৰৰ অর্থ লিখা ।

উত্তৰঃ গণতান্ত্রিক ৰাষ্ট্ৰ এখনত বসবাস কৰা নাগৰিকসকলৰ স্বতন্ত্রতা ৰক্ষা আৰু প্রতিভা বিকাশৰ বাবে কিছুমান অধিকাৰ ভোগ কৰিব দিয়া অতিশয় প্রয়োজন । এনেবোৰ অধিকাৰক সাধাৰণতে মৌলিক অধিকাৰ বোলা হয় ।

২। ভাৰতীয় সংবিধানত কিমান বিধ মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ কৰা হৈছে । 

উত্তৰঃ বর্তমান ৬ টা মৌলিক অধিকাৰ বিষয়ে উল্লেখ কৰা হৈছে । 

৩। কোনটো অধিকাৰ মৌলিক অধিকাৰ তালিকাৰ পৰা উঠাই দিয়া হৈছে ? 

উত্তৰঃ সম্পত্তিৰ অধিকাৰ । 

৪। সংবিধানৰ কোনটো সংশোধনীয়ে নাগৰিকৰ বাবে মৌলিক কর্তব্য সংযোগ কৰিছে ? 

উত্তৰঃ ৪২ তম সংশোধনী ( ১৯৭৬ চন ) । 

৫। মৌলিক অধিকাৰৰ যিকোনো এটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ মৌলিক অধিকাৰ সংবিধানব এক অপৰিহার্য অংগ ।

৬। মৌলিক অধিকাৰসমূহৰ যিকোনো এটা সীমাবদ্ধতা লিখা ।

উত্তৰঃ ভাৰতবৰ্ষৰ নাগৰিকক সংবিধানে প্রদান কৰা মৌলিক অধিকাৰসমূহক কেন্দ্রীয় সংসদ সংবিধান সংশোধনৰ জৰিয়তে সীমাবদ্ধ কৰিব পাৰে । 

৭। ৰাষ্ট্ৰ পৰিচালনাৰ নির্দেশক নীতি বুলিলে কি বুজি পোৱা ?

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানৰ চতুর্থ অধ্যায়ত নির্দেশাত্মক নীতি সন্নিৱিষ্ট কৰা হৈছে । এই নীতিবোৰ চতুর্থ অধ্যায়ত সন্নিৱিষ্ট কৰি চৰকাৰক সেইবোৰ পালন কৰিবৰ বাবে নির্দেশ দিয়ে । সংবিধানত নির্দেশাত্মক নীতি আন্তর্ভুক্তিৰ জৰিয়তে ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিব বিচৰা হৈছে । 

৮। ভাৰতৰ সংবিধানত উল্লেখ থকা বর্তমান মৌলিক কর্তব্যৰ সংখ্যা কিমান ? 

উত্তৰঃ ১১ টা । 

৯। মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ নির্দেশাত্মক নীতিৰ মাজত থকা যিকোনো দুটা পার্থক্য লিখা । 

উত্তৰঃ ১। মৌলিক অধিকাৰ আৰু নির্দেশাত্মক নীতিৰ মাজত আটাইতকৈ তাৎপর্যপূর্ণ প্রভেদ এই যে মৌলিক অধিকাৰসমূহ বাদযোগ্য কিন্তু নির্দেশাত্মক নীতিসমূহ বাদযোগ্য নহয় ।

২। মৌলিক অধিকাৰে চৰকাৰী কাৰ্যৰ ওপৰত কিছুমান সীমাবদ্ধতা আৰোপ কৰিছে । কিন্তু নির্দেশাত্মক নীতিসমূহে চৰকাৰী দায়িত্বৰ পৰিসৰ বর্ধিত কৰিছে । 

১০। ভাৰতীয় সংবিধানৰ ১৯ নং অনুচ্ছেদত সন্নিৱিষ্ট কৰা দুটা অধিকাৰ উল্লেখ কৰা ।

উত্তৰঃ ১। সংস্থা বা সংঘ গঠনৰ তাধিকাৰ । 

২। নিৰস্ত্ৰ আৰু শান্তিপূর্ণভাৱে সমবেত হোৱাৰ অধিকাৰ । 

১১। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ গঠন সম্পর্কে এটি চমু টোকা লিখা । 

উত্তৰঃ ১৯৯৩ চনৰ মানৱ অধিকাৰ সংৰক্ষণ আইন অনুসৰি ভাৰতবৰ্ষত এখন ৰাষ্ট্ৰীয় মানব অধিকাৰ আয়োগ গঠন কৰা হৈছে । এই আয়োগ গঠন কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এজন ইয়াৰ অধ্যক্ষ হয় । উচ্চতম ন্যায়ালয়ৰ এজন কৰ্মৰত ন্যায়াধীশ বা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইয়াৰ সদস্য হ’ব । মানৱ অধিকাৰৰ ওপৰত জ্ঞান আৰু বাস্তৱ অভিজ্ঞতা থকা দুজন লোক ইয়াৰ সদস্য হ’ব । ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জাতি আৰু জনজাতি আয়োগ আৰু ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ সকলো ইয়াৰ সদস্য হ’ব । 

১২। নির্দেশাত্মক নীতিসমূহ বাদযোগ্য নে ? 

উত্তৰঃ নির্দেশাত্মক নীতিসমূহ বাদযোগ্য নহয় । এই নীতিসমূহ চৰকাৰে কাৰ্যকৰী কৰিবলৈ বাধ্য নহয় । এই নীতিসমূহ অৱজ্ঞা কৰিলেও চৰকাৰৰ বিৰুদ্ধে কোনো আইনগত ব্যবস্থা ল’ব পৰা নাযায় ।

১৩। সংবিধানত সন্নিৱিষ্ট মৌলিক কর্তব্যসমূহৰ বিষয়ে উল্লেখ কৰা । 

উত্তৰঃ (ক) সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্রতি সম্মান প্রদর্শন কৰা । 

Constitutional Law & Civil Rights

(খ) স্বাধীনতা লাভৰ বাবে চলোৱা জাতীয় আন্দোলনক অনুপ্রাণিত কৰা মহান আদর্শসমূহ পোষণ আৰু অনুসৰণ কৰা । 

(গ) ভাৰতবৰ্ষৰ সার্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা অক্ষুন্ন ৰখা আৰু ৰক্ষা কৰা । 

(ঘ) দেশখনক ৰক্ষা কৰা, দেশমাতৃৰ আহ্বান ক্রমে জাতীয় সেৱা আগবঢ়োৱা । 

(ঙ) ধর্মীয়, ভাষিক, আঞ্চলিক নাইবা সাম্প্রদায়িক অনৈক্য অতিক্রম কৰি সকলোৰে মাজত সমন্বয় আৰু ভাতৃত্বভাৱৰ সৃষ্টি কৰা, নাৰীৰ মর্যাদা হানি কৰা আচৰণ ত্যাগ কৰা । 

(চ) আমাৰ মিশ্রিত সংস্কৃতিৰ মূল্যবান ঐতিহ্যৰ ওপৰত মূল্য আৰোপ কৰা আৰু তাৰ সংৰক্ষণ কৰা । 

(ছ) হাবিবননি, হ্রদ, নদ – নদী আৰু বনৰীয়া জীৱ – জন্তুকে আদি কৰি প্রাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নতি সাধন কৰা তথা জীৱিত প্ৰাণীৰ প্রতি দয়া প্রদর্শন কৰা । 

(জ) বৈজ্ঞানিক দৃষ্টিভঙ্গী, মতবাদ আৰু অনুসন্ধিৎসা তথা সংস্কাৰৰ মনোভাৱৰ বিকাশ সাধন কৰা । 

(ঝ) ব্যক্তিগত আৰু সামূহিক সকলো দিশৰ উৎকর্ষ সাধনৰ বাবে যত্নবান হোৱা; যাতে ৰাষ্ট্ৰই ক্রমবর্ধমানভাৱে প্রগতি আৰু সফলতাৰ উচ্চতৰ পৰ্যায়ত আগুৱাই যায় । 

(ঞ) অভিভাৱকসকলে তেওঁলােক ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ শিশুসকলক শিক্ষা গ্ৰহণৰ সুযোগৰ ব্যৱস্থা কৰা ।

১৪। মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা । 

উত্তৰঃ মৌলিক অধিকাৰক প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি । 

(ক) সমতাৰ অধিকাৰ :- ( অনুচ্ছেদ ১৪-১৮ ) সমতাৰ অধিকাৰ ভাৰতবৰ্ষৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত আইনৰ চকুত সমতা আৰু সমসুৰক্ষিত হোৱাকে বুজায় । 

(খ) স্বাধীনতাৰ অধিকাৰ :- ( অনুচ্ছেদ ১৯-২২ ) স্বাধীনতাৰ অধিকাৰেই হ’ল নাগৰিকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অধিকাৰ । ব্যক্তি স্বাধীনতাৰ বাহক হিচাপে ১৯ নং অনুচ্ছেদত ভাৰতীয় নাগৰিকসকলৰ বাবে দুইপ্রকাৰৰ স্বাধীনতা অন্তর্ভুক্ত কৰা হৈছে । 

(গ) শোষণৰ বিৰুদ্ধে অধিকাৰ :- ( অনুচ্ছেদ ২৩-২৪ ) প্রচলিত সমাজ ব্যৱস্থাৰ পৰা আর্থ সামাজিক বৈষম্য আৰু শোষণ দূৰ কৰাৰ উদ্দেশ্যেৰে ভাৰতীয় সংবিধানৰ ২৩ আৰু ২৪ নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে অধিকাৰ সংযােজন কৰা হৈছে । 

(ঘ) ধর্মীয় স্বাধীনতাৰ অধিকাৰ :- ( অনুচ্ছেদ ২৫-২৮ ) ভাৰতীয় সংবিধানে সকলো শ্ৰেণীৰ মানুহৰ বাবে শিক্ষা আৰু সংস্কৃতি যাতে ৰক্ষা কৰিব পাৰে সেই উদ্দেশ্যে সংবিধানৰ ২৯ আৰু ৩০ নং অনুচ্ছেদত শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ সংযােজিত কৰিছে । 

(ঙ) সাংবিধানিক নিৰাময়ৰ অধিকাৰ :- ( অনুচ্ছেদ ৩২ ) ভাৰতীয় সংবিধানত অন্তর্ভুক্ত হোৱা অধিকাৰ সমূহক অধিক কার্যক্ষম কৰি তুলিবলৈ ভাৰতীয় নাগৰিকৰ বাবে সংবিধানৰ ৩২ নং অনুচ্ছেদত কিছুমান প্রতিকাৰমূলক ব্যৱস্থা সংযোজিত কৰা হৈছে । ইয়াকে সাংবিধানিক নিৰাময়ৰ অধিকাৰ বোলা হয় । 

১৪। ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ কেইটামান বৈশিষ্ট্য লিখা । 

উত্তৰঃ ১। নির্দেশাত্মক নীতিসমূহ হ’ল ৰাষ্ট্রৰ পক্ষে কিছুমান নির্দেশাৱলী । এই নীতিবোৰ সংবিধানত স্বীকৃত যদিও ৰাষ্ট্রক এই নীতিবোৰ মানি চলিবলৈ বাধ্য কৰিব নোৱাৰি । 

২। নির্দেশাত্মক নীতিসমূহ ন্যায়িক বিচাৰযোগ্য নহয় আৰু এনে নীতিসমূহ বলবৎ কৰাৰ কাৰণে আদালতৰ কাষ চাপিব নোৱাৰি । 

৩। নির্দেশাত্মক নীতিসমূহ ইতিবাচক হোৱা হেতুকে এবোৰে ৰাষ্ট্ৰৰ কর্ম পৰিধি আৰু ক্ষমতা বৃদ্ধি কৰিছে । 

৪। নির্দেশাত্মক নীতিৰ প্রধান লক্ষ্য হ’ল কল্যাণকামী ৰাষ্ট্র প্রতিষ্ঠা কৰা । 

৫। ৰাষ্ট্রৰ আর্থ – সামাজিক উন্নয়নৰ কাৰণে নির্দেশাত্মক নীতিসমূহ অপৰিহার্য । 

১৫। নির্দেশাত্মক নীতি আৰু মৌলিক অধিকাৰৰ বিষয়ে থকা পার্থক্যসমূহৰ বিষয়ে আলোচনা কৰা ? 

উত্তৰঃ ১। মৌলিক অধিকাৰসমূহ নাগৰিকৰ উদ্দেশ্যে প্রদান কৰা হৈছে। আনহাতে নির্দেশাত্মক নীতিসমূহ ৰাষ্ট্ৰৰ উদ্দেশ্যে প্রতিষ্ঠা কৰা হৈছে । 

২। মৌলিক অধিকাৰসমূহ ব্যক্তিবাদী যিয়ে ব্যক্তিৰ জীৱনত সুখ দিব বিচাৰে । আনহাতে, নির্দেশাত্মক নীতিসমূহ সমাজতান্ত্রিক আৰু এইবোৰে সমাজত সমতা আৰু ন্যায় প্রতিষ্ঠা কৰিব বিচাৰে । 

৩। মৌলিক অধিকাৰসমূহ বলবৎযোগ্য । আনহাতে, নির্দেশাত্মক নীতিসমূহ আদালতৰ দ্বাৰা বলবৎযোগ্য নহয় । 

৪। মৌলিক অধিকাৰে ৰাজনৈতিক গণতন্ত্র প্রতিষ্ঠা কৰিব বিচাৰে । ইয়াৰ বিপৰীতে নির্দেশাত্মক নীতিয়ে সামাজিক আৰু অর্থনৈতিক গণতন্ত্র প্রতিষ্ঠা কৰিব বিচাৰে । 

৫। কিছুমান মৌলিক অধিকাৰ ইতিবাচক আৰু আন কিছুমান নেতিবাচক । আনহাতে নির্দেশাত্মক নীতিসমূহ ইতিবাচক চৰিত্ৰৰ নহয় ।

৬। মৌলিক অধিকাৰসমূহ অধিক নির্দিষ্ট আৰু বাস্তৱ, আনহাতে নির্দেশাত্মক নীতিসমূহ বহল পৰিধিৰ। 

 

 

Comments

Popular posts from this blog

Part B Chapter 1 এটা দলৰ আধিপত্যৰ যুগ

Part B Chapter 2 Assamese

HS 1st Year Part A Chapter 1 Assamese