HC 6016 Rousseau and Romanticism

 

Romantics (Important Questions)

১। “নাৰীৰ অধিকাৰৰ ন্যায্যতা’ গ্ৰন্থটোৰ লেখক কোন? (Who is the author of the book ‘Justice for Women’s Rights’?

উত্তৰঃ মেৰি ৱালষ্টোনক্রাফট।

২। ‘দি চাবজোকছন অফ ৱমেন’ গ্ৰন্থটো কোনে লিখিছিল? (Who wrote the book “The Subjection of Women?)

উত্তৰঃ জন ষ্টুৱাৰ্ট মিল।

৩। ‘দি ডায়লেক্টিক অব সেক্স’ গ্ৰন্থৰ লেখক কোন? (Who is the author of the book ‘The Dialective of Sex’?)” 

উত্তৰঃ গুলামিথ ফায়াৰষ্টোন।

৪। ‘সেক্সুয়াল পলিটিক্স’ গ্ৰন্থৰ লেখক কোন? (Who is the author of the book ‘Sexual Politics’?)

 উত্তৰঃ কেট মিলেট।

৫। ডানা ডেন্সমোৰৰ গ্ৰন্থখনৰ নাম কি? (What is the name of Dana Densmore book?)

 উত্তৰঃ ইণ্ডিপেণ্ডেল ফ্রম দি সেক্সুয়াল ৰিভোলিউচন।

৬। ফেডাৰিক এঙ্গেলছৰ গ্ৰন্থখনৰ নাম কি? (What is the name of the book by Friedrich Engels?)

উত্তৰঃ দি অৰিজিন অব ফেমিলি, প্রাইভেট প্রপার্টি এণ্ড দি ষ্টেট।

৭। বিশ্বৰ প্ৰথম নাৰী অধিকাৰ বিষয়ক সম্মিলন ক’ত অনুষ্ঠিত হৈছিল? (Where was the world’s first women’s rights conference held?) 

উত্তৰঃ মেক্সিকোত।

৮.“The Social Contract’ গ্ৰন্থটোৰ লেখক কোন? (Who is the author of the book “The Social Contract’?)

উত্তৰঃ জিন জেক ৰুছো।

৯.‘Man is born free, but every where he is in chain’ — উক্তিটো কাৰ? (“Man is born free, but every whre he is in chain’- Who said?)

উত্তৰঃ জিন জেক ৰুছো।

১০. ৰুছোৰ সাধাৰণ ইচ্ছাৰ ধাৰণাটো কি? (What is the concept of Rousseau’s general will?)

উত্তৰঃ ৰছোৰ মতে একমাত্ৰ সাধাৰণ ইচ্ছাই সংগঠনৰ উদ্দেশ্যৰ দিশৰ পৰা ৰাষ্ট্ৰ পৰিচালনা কৰে। ব্যক্তিৰ ইচ্ছাই সমাজ বা ৰাষ্ট্ৰৰ ইচ্ছা হোৱাৰ বাবে জনসাধাৰণৰ সাৰ্বভৌমত্ব সুনিশ্চিত হয়।

১১. সামাজিক চুক্তি মতবাদৰ প্ৰবক্তাসকলৰ নাম লিখা। (Write the names of the proponents of social contract doctrine.)

উত্তৰঃ হবচ, ল’ক, ৰুছো।

১২। ‘প্ৰকৃতিৰ ৰাজ্য আছিল ভয়াবহ– উক্তিটো কাৰ? (Whose statement is ‘the kingdom of nature was terrible’?)

উত্তৰঃ থমাছ হবচ। 

১৩. জনসাধাৰণৰ সাৰ্বভৌমত্বৰ তত্ত্ব কোনে আগবঢ়াইছিল? (Who gave the theory of public sovereignty?)

উত্তৰঃ জিন জেক ৰুছোৰ

 ১৪. ‘কমিউনিষ্ট মেনিফেষ্ট’ কাৰ ৰচনা? (Who wrote the ‘Communist Manifesto”?)

উত্তৰঃ কার্ল মার্ক্স আৰু এংগেলাছৰ।

 ১৫. মেৰী বালষ্টোনক্রাফটৰ বিশ্বাস কি আছিল? (What were Mary Wollstonecraft’s beliefs?) 

উত্তৰঃ মেৰী ৱালষ্টোনক্রাফট এগৰাকী ইংৰাজ লেখিকা আৰু মহিলাসকলৰ বাবে শৈক্ষিক আৰু সামাজিক সমতাৰ এগৰাকী উৎসাহী অধিবক্তা আছিল। তেওঁ ৰাষ্ট্ৰীয় শৈক্ষিক ব্যৱস্থাৰ আমূল সংস্কাৰৰ দৰে ৰাজনৈতিক পৰিৱৰ্তনৰ জৰিয়তে মহিলাৰ মৰ্যাদা উন্নত কৰাৰ বাবে আহ্বান জনাইছিল। তেওঁ এই সিদ্ধান্তত উপনীত হৈছিল যে এনে পৰিৱৰ্তনে সকলো সমাজক উপকৃত কৰিব।

১৬. মহিলাসকলৰ বাবে মুখ্য বোজাক লৈ মেৰী ৱালষ্টোনক্রাফটে কি তৰ্ক কৰিছিল? (What did Mary Wollstonecraft argue was the main burden for women?)

উত্তৰঃ ৱালষ্টোনক্রাফটে মহিলাসকলৰ শিক্ষাৰ বাবে ওকালতি কৰিছিল আৰু লিখিছিল যে লিংগবোৰ স্বাভাৱিকতে অসম নহয়, কিন্তু সমাজে তেওঁলোকৰ ওপৰত অসম বোজা পেলায়। মহিলাসকলৰ বাবে মুখ্য বোজা আছিল শৈক্ষিক সুযোগৰ অভাৱ, যি তেওঁলোকক পুৰুষৰ অধীন আজ্ঞাকাৰী কৰি ৰাখিছিল।

১৭. জিন জেক ৰুছোৰ সাধাৰণ ইচ্ছাৰ প্ৰকৃতি আৰু বৈশিষ্ট্যসমূহ আলোচনা কৰা। (Discuss the nature and characteristics of the general will Jean-Jacques Rousseau.)

উত্তৰঃ (ক) অভ্রান্ত : ৰুছোৰ মতে সাধাৰণ ইচ্ছা অভ্ৰান্ত আৰু সেই হিচাপে সেয়া সকলো অধিকাৰৰ যথাৰ্থ মানদণ্ড হিচাপে কাম কৰে। সাধাৰণ ইচ্ছাৰ লক্ষ্য হ’ল সকলৰ কল্যাণ সাধন কৰা। গতিকে সাধাৰণ ইচ্ছা সৰ্বদাই অভ্ৰান্ত আৰু সঠিক।

(খ) সার্বভৌম : ৰুছোৰ মতে সাধাৰণ ইচ্ছা কল্যাণকামী, গতিকে এইটো সার্বভৌম। এইটো সীমাহীন ক্ষমতাৰ অধিকাৰী। জনগণৰ মাজত চুক্তিৰ ফলত এইটো সম্ভৱ হৈছে। 

(গ) সাধাৰণ ইচ্ছা অবিভাজ্য : ৰুছোৰ মতে সাধাৰণ ইচ্ছা অভিভাজ্য। এইটোক বিভাজ্য কৰিলে সামগ্রিক কল্যাণৰ পৰিৱৰ্তে আংশিক কল্যাণ সাধিত হ’ব।

(ঘ) ঐক্যৰ প্ৰতীক : ৰুছোৰ মতে সাধাৰণ ইচ্ছা ৰাষ্ট্ৰীয় ঐক্যৰ প্ৰতীক সাধাৰণ ইচ্ছাক বজাই ৰাখিবলৈ হ’লে ৰাষ্ট্ৰীয় সংগঠনৰ সংহতি বজায় ৰাখিব লাগিব।

(ঙ) গণমুক্তিৰ সহায়ক : সাধাৰণ ইচ্ছা গণ মুক্তিৰ সহায়ক। সকলো ইয়াৰ নিৰ্দেশ মানি চলিবলৈ বাধ্য। কোনোৱা ইয়াৰ বিৰুদ্ধাচাৰণ কৰিলে সমাজ চুক্তি অনুসৰি বল প্রয়োগৰ দ্বাৰা  তেওঁক এইটো মানিবলৈ বাধ্য কৰা হ’ব।

(চ) সকলৰ ইচ্ছাৰ প্ৰতিফলন : সাধাৰণ ইচ্ছা সকল অৱস্থাত চূড়ান্ত, ন্যায্য আৰু সঠিক। সাধাৰণ ইচ্ছাত কোনো ব্যক্তিৰ ইচ্ছা অনিচ্ছাৰ কোনো প্রাধান্য নাথাকে, কিন্তু সকলোৰ  ইচ্ছাৰ প্ৰতিফলন ঘটে।

(ছ) সকল ক্ষমতাৰ উৎস : সাধাৰণ ইচ্ছা সকল ক্ষমতাৰ উৎস। চৰকাৰ হৈছে ইয়াতে সাধাৰণ ইচ্ছাৰ ভৃত্য। এইটো সাধাৰণ ইচ্ছাৰ মতানুযায়ী কাৰ্যকৰ থাকে।

 ১৮. জিন জেক ৰুছোৰ সাধাৰণ ইচ্ছাৰ সমালোচনাসমূহ লিখা। (Write critiques of general will of Jean Jacques Rousseau.)

উত্তৰঃ সাধাৰণ ইচ্ছাৰ মতবাদ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে। ইয়াত নানাধৰণৰ ত্রুটি বিদ্যুতি লক্ষ্য কৰা যায়। তলত সাধাৰণ ইচ্ছা মতবাদৰ সমালোচনা উল্লেখ কৰা হ’ল—

(ক) মাপকাঠীৰ অনুপস্থিতি : সাধাৰণ ইচ্ছাক সকলোৰ ইচ্ছাৰ পৰা পৃথক কৰা কঠিন। এই পার্থক্য নিৰ্ধাৰণত কোনো নির্দিষ্ট মাপকাঠী নাই। 

(খ) অকাৰ্যকৰ : সাধাৰণ ইচ্ছা জনগণৰ সাধাৰণ স্বাৰ্থ ৰক্ষা কৰিবলৈ বাধ্য। যাৰ অৰ্থ আৰু সংজ্ঞা নিৰ্ণয় কৰা অত্যন্ত জটিল। সাধাৰণ স্বার্থ জনগণৰ পাৰস্পৰিক সম্পৰ্কৰ পৰা উদ্ভৱ হয়।

(গ) বাস্তৱৰ পৰা বিচ্ছিন্ন : ৰুছোৰ সাধাৰণ ইচ্ছা বাস্তবৰ পৰা বিচ্ছিন্ন। অৱশ্য আদৰ্শৰ ব্যাখ্যা কেতিয়াও বাস্তৱ হ’ব নোৱাৰে। সাৰ্বভৌম কর্তৃত্বত জনগণৰ প্ৰত্যক্ষ অংশগ্রহণ কেৱলমাত্ৰ গ্ৰীক নগৰ ৰাষ্ট্ৰৰ ন্যায় ক্ষুদ্ৰ ৰাষ্ট্ৰ সম্ভৱ আছিল।

১৯. জিন জেক ৰুছোৰ শিক্ষাত নাৰী আৰু পুৰুষৰ স্থান সম্পর্কে লিখা। (Write about the place of women and men in the teachings of Jean Jacques Rousseau?)

উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত ৰুছো ল’ৰা আৰু ছোৱালীক এক বুলি ভবা নাই। তেওঁৰ মতে ছোৱালীৰ শৰীৰৰ গঠন আৰু প্ৰকৃতি ভিন্ন আৰু সিহঁতৰ কামো বেলেগ। গতিকে তেওঁৰ নাৰীৰ আদৰ্শ ‘সোফি’ (Sophie) শিক্ষা এমিল (Emile) ৰ পৰা বেলেগ। নাৰীক গতিকে পুৰুষৰ উপযোগী হৈ গঢ়ি উঠিব লাগিব, তাক বেলেগক সুখী কৰিবলৈ শিকিব লাগিব। নাৰীক শিশুৰ যত্ন আৰু লালন-পালনৰ কৌশল জানিব লাগিব, নিজক সমাজৰ বাবে গ্ৰহণীয় কৰি গঢ়ি তুলিব লাগিব। 

ছোৱালী তাইৰ মাকৰ পৰা ধৰ্মজ্ঞান লাভ কৰিব, মাকৰ পৰাই প্ৰশিক্ষণ লৈ সুনিপুণা হ’ব আৰু সকলো সময় হাঁহি-ধেমালিত থাকিব, নিজক যেন সুন্দৰ দেখায় সেই দিশত দৃষ্টি ৰাখিব। তেওঁৰ মতে স্বাভাৱিক নাৰী তেওঁৰ স্বাভাৱিক পুৰুষ প্ৰভুৰ উপযোগী হৈ গঢ়ি উঠিব।

ৰুছোৰ শিক্ষাৰ সর্বশেষ পাঠ হ’ল ল’ৰা আৰু ছোৱালী সকলোকেই যৌন শিক্ষা প্ৰদান কৰা। এইক্ষেত্ৰত বৈবাহিক সম্পর্ক, বৈবাহিক দায়িত্ব, কর্তব্য আৰু অধিকাৰ সম্পর্কেও শিক্ষাদান কৰিব লাগিব।

 

Comments

Popular posts from this blog

Class 12 MCQs Part A Assamese Medium

Part B Chapter 2 Assamese

Class 12 MCQs Part B Assamese Medium