HS 2nd Year Part B Chap 4 Assamese

 

Chapter 4: ভাৰতৰ বৈদেশিক সম্পৰ্ক

1/ বৈদেশিক নীতি বুলিলে কি বুজা? বৈদেশিক নীতিৰ নির্ধাৰকবোৰ আলোচনা কৰা।

উত্তৰ:  অতি সাধাৰণ ভাষাত বৈদেশিক নীতি হৈছে কিছুমান নীতিৰ সমষ্টি। যিয়ে ৰাষ্ট্রীয় স্বার্থ সুৰক্ষিত কৰি অন্য ৰাষ্ট্ৰৰ লগত ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক সম্পর্ক প্ৰতিষ্ঠা কৰি আন্তঃ ৰাষ্ট্রীয় ক্ষেত্ৰত নিজৰ স্থিতি শক্তিশালী কৰে। এখন ৰাষ্ট্ৰৰ বৈদেশিক নীতি প্রণয়নত কিছুমান আভ্যন্তৰীণ আৰু বাহ্যিক কাৰকে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সাধৰণতে এই কাৰকসমূহকে বৈদেশিক নীতিৰ নির্ধাৰক বুলি কোৱা হয়। তলত এই কাৰক/নিধাৰকসমূহৰ বিষয়ে তলত চমুকৈ আলোকপাত কৰা হল –

 i) ৰাষ্ট্ৰৰ আকাৰঃ- ৰাষ্ট্ৰৰ আকাৰৰ ওপৰতো বৈদেশিক নীতিৰ গুৰুত্ব বহু পৰিমাণে নির্ভৰশীল। এখন বিশাল ৰাষ্ট্রৰ বৈদেশিক নীতি এখন সৰু ৰাষ্ট্ৰতকৈ পৃথক হয়। কিয়নো বিশাল ৰাষ্ট্ৰই ইয়াৰ বিশাল ক্ষমতা আন্তঃ ৰাষ্ট্রীয় ক্ষেত্রত প্রতিষ্ঠা কৰে।

ii)অর্থনৈতিক উন্নয়ন:- বৈদেশিক নীতি প্রণয়নত গুৰুত্ব লাভ কৰা আন এন অন্যতম নির্ধাৰক হৈছে অর্থনীতি। এখন উন্নত ৰাষ্ট্ৰৰ বৈদেশিক নীতি এখন অনুন্নত ৰাষ্ট্রতকৈ সাধাৰণতে পৃথক হয়। অর্থনৈতিক উন্নয়ন সাধনৰ বাবে বিভিন্ন বিকাশমূলক অর্থনীতিয়ে বৈদেশিক নীতিত স্থান লাভ কৰে। বর্তমান ভাৰতৰ বৈদেশিক নীতিৰ প্রকৃতি হৈছে উন্নয়নমূলক।

 iii) ইতিহাস আৰু সংস্কৃতিঃ- ভাৰতৰ বৈদেশিক নীতি প্রণয়নত দেশখনৰ ইতিহাস আৰু সংস্কৃতিয়ে গুৰুত্বপূর্ণ প্ৰভাৱ বিস্তাৰ কৰে। অহিংসা, বর্ণ-বৈষম্য বিৰোধী নীতি, উপনিৱেশবাদ বিৰোধী নীতি, সাম্রাজ্যবাদ বিৰোধী নীতি ইত্যাদি হৈছে ভাৰতৰ ঐতিহাসিক সম্বল।

 iv) আদর্শ বা ধাৰণা:- এখন দেশৰ আদর্শইও সেই দেশৰ বৈদেশিক নীতি প্রণয়ণত প্রভাৱ বিস্তাৰ কৰে। ভাৰতে সদায় বিশ্ব শান্তি শান্তিপূর্ণ সহৱস্থান বা গোষ্ঠীনিৰপেক্ষতাৰ আদর্শত বিশ্বাস কৰি আহিছে। সেয়ে এই আদর্শই ভাৰতৰ বৈদেশিক নীতি নির্ধাৰণত প্রভাৱ বিস্তাৰ কৰি আহিছে।

v) বিশ্বশান্তি: ভাৰতৰ বৈদেশিক নীতিৰ অন্য এটা প্রধান নির্ধাৰক হৈছে বিশ্বশান্তি প্রতিষ্ঠা কৰা। ভাৰতবর্ষই বৈদেশিক নীতি প্রণয়নৰ ক্ষেত্রত সদায় বিশ্ব শান্তিক প্রাধান্য দি আহিছে।

ওপৰত উল্লেখ কৰাবোৰেই হৈছে ভাৰতৰ বৈদেশিক নীতি নির্ধাৰনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা কিছুমান প্রধান কাৰক।

2/ ভাৰতৰ বৈদেশিক নীতিৰ মূল ভেটি কি? চমুকৈ আলোচনা কৰা।

উত্তৰ:  ভাৰতৰ বৈদেশিক নীতিক আদর্শ আৰু বাস্তৱৰ এক সুন্দৰ সংমিশ্রন বুলিব পাৰি। স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহেৰুক ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য পৃষ্ঠপোষক বা স্থপতি আখ্যা দিয়া হয়। তলত উল্লেখ কৰা বিষয় দুটাকেই ভাৰতৰ বৈদেশিক নীতিৰ ভেটি হিচাপে বিবেচনা কৰা হয় –

ক) পঞ্চশীল নীতিঃ- তিব্বত সম্পর্কত ভাৰত আৰু চীন দেশৰ মাজত 1954 চনত স্বাক্ষৰিত হোৱা চুক্তিৰ সময়ত ৰচনা কৰা 5টা নীতি তথা পঞ্চশীল নীতিক ভাৰতৰ বৈদেশিক নীতিৰ মূল ভেটি হিচাপে গণ্য কৰা হয়। এই নীতি কেইটা হল –

   I.     প্রত্যেক দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আৰু সার্বভৌমত্বৰ প্রতি পাৰস্পৰিক শ্রদ্ধা প্রদর্শন কৰা।

  II.     আনদেশক আক্রমণৰ পৰা বিৰত থকা।

 III.     আন ৰাষ্ট্রৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ পৰা বিৰত থকা।

 IV.     সকলো দেশকে সমভাবে বিবেচনা কৰা আৰু পাৰস্পৰিক সাহার্য্য দিয়া।

  V.     সহৱস্থানৰ প্রতি সমর্থন জনোৱা।

খ) গোষ্ঠী নিৰপেক্ষতাবাদ নীতিঃ- ভাৰতৰ বৈদেশিক নীতিৰ আন এটা অন্যতম প্রধান ভেটি হৈছে গোষ্ঠী নিৰপেক্ষতাবাদ। ভাৰতবর্ষই কোনো শক্তি গোষ্ঠীত যোগদান নকৰাকৈ দুয়োটা শক্তি গোষ্ঠীৰ মাজত সু-সম্পর্ক ৰাখি দেশীয় স্বার্থ পূৰণ কৰাৰ উদ্দেশ্যে গ্রহণ কৰা বৈদেশিক নীতিয়ে হৈছে গোষ্ঠী  নিৰপেক্ষতাবাদ নীতি। গোষ্ঠী নিৰপেক্ষতাবাদে নিৰপেক্ষতাক বা নিষ্ক্রিয়তাক নুবুজায়। বৰঞ্চ ই এটা সক্রিয় বা গঠনমূলক নীতি যিয়ে এই নীতি গ্ৰহণ কৰে  তেনে দেশে কোনো শক্তি গোষ্ঠীয়ে সৃষ্টি কৰা সামৰিক দলত যোগদান নকৰে।

3/ ভাৰত-চীনৰ মাজত বিবাদ সৃষ্টি হোৱাৰ মূল কাৰণসমূহ উল্লেখ কৰা।

উত্তৰ- ভাৰত আৰু চীনৰ মাজত সময়ে সময়ে বিবাদ সৃষ্টি হোৱাৰ মূল কাৰণসমূহ হ’ল

   I.     তিব্বতৰ আধ্যাত্মিক তথা ৰাজনৈতিক নেতা দালাই লামাক ভাৰতে প্রদান কৰা ৰাজনৈতিক আশ্রয়।

  II.     ভাৰত আৰু চীনৰ মাজত থকা মেগমোহন লাইনক লৈ হোৱা বিতর্ক।

 III.     1965 চনত আৰু 1971 চনত ভাৰত পাকিস্তানৰ যুদ্ধত পাকিস্তানক চীনৰ পৰা সামগ্রী প্রদান।

 IV.     1998 চনত পাকিস্তানে সম্পন কৰা পাৰমাণৱিক চীনা কাৰিকৰীয়ে সহায় আগবঢ়োৱা কার্যইয়ো ভাৰত আৰু চীনৰ মাজত বিবাদ সৃষ্টি হৈছে।

ওপৰত উল্লেখ কৰাসমূহেই হৈছে ভাৰত-চীনৰ মাজত সৃষ্টি হোৱা বিবাদৰ মূল কাৰণ।

4/ ভাৰত আৰু পাকিস্তান মাজত সংঘাতৰ কাৰণ সমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ:  ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘৰ্ষৰ দীর্ঘদিনীয়া ইতিহাস আছে যাৰ বিশেষত্ব হৈছে যুদ্ধ, সন্ত্রাসবাদ, সীমান্তৰ সংঘাত বা উত্তেজনা ইত্যাদি। এই সংঘর্ষৰ ঘাই শিপা 1947 চনত ব্রিটিছ উপনিৱেশিক শাসনৰ পৰা ভাৰতে মুক্তি লাভ কৰাৰ সময়ৰে পৰা আৰম্ভ হোৱা দেখা যায়। কাৰণ ব্রিটিছে ধৰ্মৰ ভিত্তিত হিন্দুস্তান আৰু পাকিস্তান নামেৰে দুভাগত দেশখন বিভক্ত কৰি থৈ গৈছে। জন্ম লগ্নৰে পৰা এই দুয়োখন চুবুৰীয়া ৰাষ্ট্রৰ মাজত সংঘাত সৃষ্টি হোৱা মূল বিষয়সমূহ তলত উল্লেখ কৰা হল

i) ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত সৃষ্টি হোৱাৰ প্রধান কাৰণটো হৈছে কাশ্মীৰ বিবাদ। দুয়োখন দেশে স্বাধীনতাৰ সময়ৰে পৰা কাশ্মীৰক কেন্দ্র কৰি সংঘাতত লিপ্ত হৈছে আৰু দুয়ো দেশে কাশ্মীৰক নিজৰ ভূ-খণ্ড বুলি দাবী কৰি অহাৰ ফলশ্রুতিত 1947-48, 1965 চনত দুখনকে যুদ্ধৰ মুখামুখি হৈছে।

ii) ভাৰত পাকিস্তানৰ মাজত সংঘাতৰ সূত্রপাত হোৱা আন এটা প্রধান কাৰণ হৈছে সন্ত্রাসবাদ। পাকিস্তানে সন্ত্রাসবাদীক আশ্রয় প্রদান কৰি ভাৰতৰ বিভিন্ন প্রান্তত সুযোগ বুজি কুটাঘাটমূলক কার্যত লিপ্ত হৈ আহিছে। ইয়াৰ ভিতৰত 2001 চনত ভাৰতৰ সংসদ ভবন আক্রমণ, 2008 চনত মোম্বাই আক্রমন আদি প্রধান। যাৰ ফলত দুয়োখন দেশৰ সম্পৰ্কৰ অৱনতি ঘটিছে।

iii) ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ আন এটা কাৰণ হৈছে সিন্ধু নদীৰ পানীভাগ- বতৰা। 1960 চনলৈকে সিন্দু নদীৰ জলধাৰাক লৈ দুয়ো দেশৰ মাজত বিতর্কৰ উদ্ভৱ হৈছিল। পিছত বিশ্ব বেংকৰ মধ্যস্থতাত ভাৰত-পাকিস্তানৰ মাজত হোৱা সিন্ধু জল চুক্তিৰ জৰিয়তে এই সমস্যাৰ সমাধান হৈছিল।

iv) ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাত সৃষ্টি হোৱাৰ আন এটা কাৰণ হ’ল বাংলাদেশৰ গৃহযুদ্ধৰ সময়ত ভাৰতে ধন-জন-সেনা সকলো প্রকাৰে বাংলাদেশক সাহার্য্য প্রদান কৰাৰ পৰি প্রেক্ষিতত 1971 চনত ভাৰত-পাকিস্তানৰ মাজত ভয়াবহ যুদ্ধৰ সূচনা হৈছিল।

v) ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ সূত্ৰপাত হোৱাৰ আন এটি কাৰণ হৈছে ঐতিহাসিক আৰু সাংস্কৃতিক পার্থক্য ভাৰত এখন হিন্দু প্রধান দেশ । এই পার্থক্যও তেওঁলোকৰ মাজত বিদ্বেষ আনিছে। তাৰোপৰি দুয়ো দেশৰ মাজত ঐতিহসিক  অভিযোগ, নিজকে প্রভাৱশালী প্রতিষ্ঠা কৰাৰ প্রতিযোগিতা, পাৰমাণৱিক অস্ত্রৰ দৌৰ ইত্যাদিয়েও তেওঁলোকৰ মাজত  বিদ্বেষৰ সৃষ্টি কৰিছে।

ওপৰত উল্লেখ কৰা বোৰেই ভাৰত আৰু পাকিস্তানৰ মাজৰ বিবাদৰ অন্যতম কাৰণ।

5. চমুটোকা লিখা

কাৰগিল যুদ্ধঃ- 1999 চনৰ প্রথমভাগত পাকিস্তানৰ মোজাহিদিল নামৰ এটা উগ্রপন্থী সংগঠনে সীমাৰেখা বা (L.O. C) Line of Control সীমাৰেখাৰ কাষৰ ভাৰতীয় সেনাৰ কিছুমান চকী পাকিস্তানী অস্ত্রধাৰীয়ে দখল কৰিছিল। পাকিস্তানৰ সেনা এই কার্যত জড়িত থকাৰ সন্দেহ কৰি জাতীয় সেনা বাহিনীয়ে এই দখলৰ বিপৰীতে ব্যৱস্থা লবলৈ সেই অঞ্চল সমূহলৈ আগবাঢ়ে। এই কার্যৰ ফলত দুয়োখন দেশেৰ মাজত সংঘর্ষৰ সূত্রপাত হয়। ইয়াকে কাৰগিল যুদ্ধ বুলি জনা যায়। এই যুদ্ধ 1999 চনৰ মে, জুন মাহ লৈকে চলিছিল। 1999 চনৰ 26 জুলাই তাৰিখে ভাৰতে বহু কেইটা হেৰুৱা চকী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কাৰগিল যুদ্ধই সমগ্ৰ বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছিল। কাৰণ এই যুদ্ধৰ মাত্র এবছৰৰ আগতে দুয়োখন দেশে আণৱিক শক্তিৰ অধিকাৰী হৈছিল। যি কি নহওক এই যুদ্ধ কাৰগিল অঞ্চলতে সীমাবদ্ধ আছিল। এই যুদ্ধই পাকিস্তানৰ ভিতৰ ভাগত মত বিবোধৰ সৃষ্টি কৰিছিল। কিয়নো এই যুদ্ধৰ বিষয়ে পাকিস্তানৰ প্রধানমন্ত্রীক সেনা প্রধানে কোনো কথা জনোৱা নাছিল। কাৰগিল যুদ্ধ শেষ হোৱাৰ পাছতে পাকিস্তানৰ সেনা প্রধান জেনেৰেল পাৰভেজ মুচাৰফে পাকিস্তানৰ শাসনভাৰ নিজৰ হাতলৈ নিছিল অর্থাৎ পাকিস্তানত সামৰিক শাসন আৰম্ভ হৈছিল।

6/ ভাৰতৰ পাৰমাণৱিক চুক্তি বা নীতি ব্যাখ্যা কৰা। (HS 2014, 2018)

উত্তৰ: ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম বৈশিষ্ট্য হল ৰাষ্ট্রখনৰ শক্তি শালী পাৰমাণৱিক নীতি। স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰু আধুনিক ভাৰতবৰ্ষৰ দ্রুত বিকাশৰ বাবে বিজ্ঞান প্রযুক্তিৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছিল। নেহেৰুৰ সৌভাগ্য যে, ভাৰতত হোমী জাহাঙ্গীৰ ভবাৰ দৰে বিখ্যাত বিজ্ঞানী আছিল। যাৰ নেতৃত্বত ভাৰতবৰ্ষত পাৰমাণৱিক আঁচনি আৰম্ভ কৰা হৈছিল। 1940 চনত ভাবাৰ নেতৃত্বত ভাৰতে শান্তিৰ কাৰণে পাৰমাণবিক শক্তি উৎপাদন কৰিছিল। কিন্তু নেহেৰু পাৰমাণবিক অস্ত্রৰ বিৰোধী আছিল। সেয়ে তেওঁ পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। 1964 চনৰ অক্টোবৰ মাহত সাম্যবাদী চীনে পাৰমাণৱিক পৰীক্ষা সম্পাদন কৰিছিল আৰু বিশ্বৰ অনান্য ৰাষ্ট্ৰটো পাৰমাণৱিক অস্ত্ৰ নির্মাণৰ হাৰ বৃদ্ধি পাবলৈ ধৰিছিল। বিশ্বৰ 5 খন আণৱিক শক্তিৰ দেশ আমেৰিকা, ৰাছিয়া, ব্রিটেইন, ফ্রান্স আৰু চীন ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল আৰু তেওঁলোকে 1968 চনত বিশ্বৰ আন ৰাষ্ট্রৰ লগত পাৰমাণৱিক অসম্পসাৰণ চুক্তি সম্পাদন যত্ন কৰিছিল কিন্তু ভাৰতে ইয়াক বৈষ্যম মূলক আখ্যা দি  স্বাক্ষৰ পৰা বিৰত আছিল।

            1974 চনৰ মে মাহত ভাৰতে প্রথম পাৰমাণৱিক পৰীক্ষা সম্পাদন কৰিছিল আৰু 1998 চনত দ্বিতীয়টো গুৰুত্বপূর্ণ । পৰমাণৱিক পৰীক্ষা সম্পাদন কৰিছিল। দ্বিতীয়টো পৰীক্ষাৰ বাবে ভাৰত যথেষ্ট সমালোচিত হৈছিল। আনকি আমেৰিকা আৰু জাপানে ভাৰতৰ ওপৰত সাময়িকভাবে নিষেধাজ্ঞা জাৰি কৰিছিল। কিন্তু 1999 চনত ভাৰতে বিশ্বাসযোগ্য নূন্যতম প্রতিৰোধৰ ওপৰত এটা পাৰমানৱিক মতবাদ আৰম্ভ কৰে । এই মতবাদ অনুসৰি যুদ্ধ ক্ষেত্রত ভাৰতে কেতিয়াও প্রথমে পাৰমাণৱিক অস্ত্র ব্যৱহাৰ নকৰে। 2003 চনৰ এক নীতি মতে, ভাৰতে সামৰিক শক্তিৰ এক কৌশল হিচাপেহে এনে অস্ত্ৰ মজুত ৰাখিছে বুলি ঘোষণা কৰে।

            বর্তমান ভাৰতবৰ্ষ আন্তঃ ৰাষ্ট্রীয় আণৱিক ইন্ধন এজেঞ্জী (IAEA-International Atomic Energy Agency) সদস্য আৰু বর্তমান আন্তঃ ৰাষ্ট্ৰীয় ক্ষেত্রত ভাৰতবর্ষ এখন সামৰিকভাৱে শক্তিশালী ৰাষ্ট্র।

7/ ভাৰত পকিস্তানৰ মাজৰ উত্তেজনাৰ দুটা দিশে উল্লেখ কৰা।

উত্তৰ:  i) কাশ্মীৰ প্ৰসংগ কৰি দুই দেশৰ মাজত সংঘাত চলি থাকে।

ii) ভাৰত বিৰোধী উগ্রপন্থীসকলক পাকিস্তানে দিয়া ধ্বনি ভাৰত পাকিস্তানৰ সংঘাতৰ আন এটা কাৰণ।

iii) সিন্ধুকে আদি কৰি নদীৰ পানী ভাগ-বতৰাক লৈ দুই দেশৰ মাজত সংঘাত চলি থাকে।

8/ ভাৰতৰ বৈদেশিক নীতিৰ প্রধান লক্ষ্যসমূহ উল্লেখ কৰা।

উত্তৰ:  i)ভাৰতৰ ভৌগোলিক একতা আৰু  অখণ্ডতা তথা সর্বভৌমত্ব ৰক্ষা কৰা।

ii) আন্তঃৰাষ্ট্রীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা তথা বিশ্ব শান্তিৰ বাবে সদায় উৎসাহ যোগোৱা।

iii) চুবুৰীয়া ৰাষ্ট্রসমূহৰ সৈতে বন্ধুত্ব সুলভ সম্পর্ক স্থাপন কৰা আৰু শান্তিপূর্ণ সহৱস্থান নীতি অনুসৰণ কৰা।

iv) বর্ণ, বৈষম্য, জাতিগত বৈষম্য আদিৰ বিৰোধিতা কৰা আৰু সমাজবাদী আৰ্হিৰ বিকাশ সাধনৰ ব্যৱস্থা কৰা।

9/ ভাৰতে পোন প্ৰথমবাৰৰ বাবে কেতিয়া পাৰমাণৱিক বিস্ফোৰণ ঘটাইছিল? (HS 2018)

উত্তৰ: 1974 চনত।

10/ 1972 চনত ইন্দিৰা গান্ধী আৰু জুলফিকৰ আলি ভুট্টেৰ মাজত স্বাক্ষৰিত হোৱা চুক্তি খনৰ নাম কি? (HS 2015)

উত্তৰ: চিমলা চুক্তি।

11. জৱাহৰলাল নেহৰুৱে বৈদেশিক নীতি কিয় এখন ৰাষ্ট্ৰৰ স্বতন্ত্ৰতা ৰক্ষাৰ বাবে অপৰিহাৰ্য বুলি গণ্য কৰা হৈছিল?

উত্তৰঃ

(i) বৈদেশিক নীতিৰ যোগেদি এখন ৰাষ্ট্ৰৰ স্বাধীন সত্তা প্ৰকাশিত হ'ব পাৰে।

(ii) ভাৰতে বৈদেশিক নীতিৰ গোষ্ঠী নিৰপেক্ষতাক এক উপাদান হিচাপে গ্ৰহণ কৰি দুই শক্তি-গোষ্ঠীৰ ক্ষমতা-কেন্দ্ৰিক ৰাজনীতিৰ পৰা আঁতৰি থাকিব বিচাৰিছিল।

12. ভাৰত কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল?

উত্তৰঃ
ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ কাৰণ তলত উল্লেখ কৰা হ'ল—

(i) ভাৰতৰ দৰে বিশাল দেশ এখন কোনো শক্তিগোষ্ঠীৰ লগ নলগাকৈ স্বাধীনভাৱে বৈদেশিক নীতি গ্ৰহণ কৰি বিশ্ব ৰাজনীতিত সন্মানসূচক আসন গ্ৰহণ কৰিব বুলি নেতাসকলে বিশ্বাস কৰিছিল।

(ii) অৰ্থনৈতিক উন্নয়নৰ বাবে শান্তিপূৰ্ণ পৰিৱেশৰ প্ৰয়োজন। সেয়ে ভাৰতে কোনো বিশেষ মিত্ৰগোষ্ঠীৰ সৈতে মিত্ৰতা গঢ়াৰ পৰিৱৰ্তে সকলো ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ পৰিৱেশ ৰক্ষাৰ ওপৰত গুৰুত্ব দিছিল।

(iii) ভাৰতৰ দ্ৰুত অৰ্থনৈতিক উন্নয়নৰ বাবে দুয়োটা বৃহৎ শক্তিগোষ্ঠীৰ পৰা সাহায্য লাভ কৰিবলৈ হ'লে ‘গোষ্ঠীনিৰপেক্ষতা’ আছিল উত্তম আহিলা।

(iv) স্বাধীনতা লাভৰ সময়ত ভাৰতবৰ্ষ সামৰিক দিশত শক্তিশালী নাছিল। গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণৰ যোগেদি যুদ্ধৰ ভয়াবহতাৰ পৰা ৰক্ষা পাবলৈ সম্ভৱ হৈছিল।

(v) গোষ্ঠীনিৰপেক্ষ নীতিয়ে ভাৰতৰ আভ্যন্তৰীণ দিশতো জনপ্ৰিয়তা লাভ কৰিছিল। ভাৰতৰ প্ৰায় আটাইবোৰ ৰাজনৈতিক দলেই এই নীতিৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল।

13. মাৰ্শাল পৰিকল্পনাই কি বুজায়?

উত্তৰঃ
১৯৪৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই ইউৰোপীয় অৰ্থনীতিৰ পুনৰুত্থাপনৰ বাবে প্ৰচুৰ বিত্তীয় সাহায্য আগবঢ়োৱাৰ বাবে যি পৰিকল্পনা হাতত লৈছিল, তাকেই মাৰ্শাল পৰিকল্পনা বোলে
।

14. Open Door Policy বা খোলা দুৱাৰ নীতি বুলিলে কি বুজা?

উত্তৰঃ
১৯৭৮ চনত চীন দেশত ঘোষণা কৰা মুক্ত নীতি অনুসৰি বিদেশৰ পৰা অনা মূলধন আৰু প্ৰযুক্তিবিদ্যা বিনিয়োগ কৰি উচ্চ উৎপাদনশীলতাৰ সৃষ্টি কৰা
।

15. ASEAN সম্প্ৰদায় মানে কি? ASEAN ৰ উদ্দেশ্যবোৰ কি কি?

উত্তৰঃ
১৯৬৭ চনত দক্ষিণ-পূব এছিয়া অঞ্চলৰ কেইখনমান দেশ যেনে— ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ আৰু থাইলেণ্ডৰ দ্বাৰা এছিয়ান আঞ্চলিক মঞ্চ গঠন হয়। যাক এছিয়ান সম্প্ৰদায় বুলি কোৱা হয়। ইয়াক ‘ASEAN স্তম্ভ’ নামেৰেও জনা যায়
।

ASEAN ৰ মূল উদ্দেশ্য হ'ল—

(i) সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰা।

(ii) সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক, কাৰিকৰী, বৈজ্ঞানিক আদি সকলো দিশতে সহযোগিতা বৃদ্ধি কৰা।

(iii) সমগ্ৰ দক্ষিণ-পূব এছিয়াত শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

(iv) শিক্ষা, কাৰিকৰী আৰু প্ৰশাসনীয় দিশত এখন দেশে আন এখন দেশক সহায় কৰি প্ৰশিক্ষণ, গৱেষণা আৰু অন্বেষণ ব্যাপক কৰি তোলা।

(v) ইতিমধ্যে গঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংগঠনবোৰৰ লগত লাভজনক তথা ঘনিষ্ঠ সম্পৰ্ক আৰু সহযোগিতা ৰক্ষা কৰি আগবাঢ়ি যোৱা।

(vi) আমেৰিকাৰ আধিপত্যক প্ৰত্যাহ্বান জনাব পৰাকৈ ক্ষমতাৰ বিকল্প কেন্দ্ৰ হিচাপে কাম কৰা।

16. ASEAN দৰ্শন ২০২০ৰ উপাদানসমূহ কি কি?

উত্তৰঃ
এটা আঞ্চলিক সংগঠন হিচাপে ASEAN ২০২০-এ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বহিৰ্মুখী দৃষ্টিভংগীৰ ভূমিকা গ্ৰহণ কৰিছিল। এই নীতিয়ে অঞ্চলটোত সংঘাতসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰাৰ পক্ষপাতী নীতি গ্ৰহণ কৰিছিল
।

এই ক্ষেত্ৰত কম্বোডিয়াৰ বিবাদ মীমাংসা আৰু পূব টিমৰত সমস্যা সমাধান কৰিবলৈ মধ্যস্থতা কৰিছিল। ইয়াৰ উপৰি পূব এছিয়া সহযোগিতাৰ বিষয়ে আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ বাৰ্ষিক সন্মিলনৰো অনুষ্ঠিত কৰিছিল।

17. পঞ্চশীলৰ ওপৰত চমুটোকা লিখা।

উত্তৰঃ
ভাৰতৰ বৈদেশিক নীতিৰ এক অন্যতম বৈশিষ্ট্য হৈছে পঞ্চশীল নীতি
। পঞ্চশীল শান্তিপূৰ্ণ সহাৱস্থানৰ পাঁচটা নীতিক বুজায়। ১৯৬৪ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু চীনৰ প্ৰধান চৌ-এন-লাইৰ মাজত এই চুক্তি স্বাক্ষৰিত হৈছিল আৰু দুয়োখন দেশে পাৰস্পৰিক সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত মানি চলিব লগা পাঁচটা নীতি আছিল ক্ৰমে—

(i) প্ৰত্যেক দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষা কৰা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্ৰদ্ধা প্ৰদৰ্শন কৰা।

(ii) আন দেশক আক্ৰমণৰ পৰা বিৰত থকা।

(iii) আন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা।

(iv) সকলো দেশকে সমভাৱে বিবেচনা কৰা আৰু পাৰস্পৰিক সাহায্য প্ৰদান কৰা।

(v) শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা

Comments

Popular posts from this blog

Part B Chapter 1 এটা দলৰ আধিপত্যৰ যুগ

Part B Chapter 2 Assamese

Class 12 MCQs Part B Assamese Medium