HC 4036 Global Politics Chapter 1 (Concept of Globalisation)

 

১। গোলকীকৰণ শব্দটো কোনে পোনপ্ৰথমে উদ্ভাৱন কৰিছিল?

উত্তৰঃ থিওডোৰ লেভিট (Theodore Levitt)।

২। LPGৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ Liberalization Privatization and Globalization.

৩। গোলকীকৰণৰ দুটা উপাদানৰ নাম লিখা।

উত্তৰঃ (ক) জন প্রবাহ (Flow of people)। 

(খ) প্রযুক্তি বিদ্যাৰ বিকাশ (Advancement of Technology)।

৪। ‘The Race to the Top: The Real story of Globalization,’ কিতাপখনৰ ৰচক কোন?

উত্তৰঃ টমাচ লাচন (Thomas Larsson)।

৫। ‘Proto-Globalization’ৰ ধাৰণাটো কোনে আগবঢ়াইছিল?

উত্তৰঃ এ. জে. হপকিনচ আৰু ক্রিস্টোফাৰ বেলি (A. G. Hopkins and Christopher Bayly)।

৬। ‘GATT’ ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ General Agreement on Tariffs and Trade.

৭। WTO ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ World Trade Organization.

৮। “World Systems Theory” কোনে আগবঢ়াইছিল

উত্তৰঃ ৱালাৰস্টেইন (Wallerstein)।

৯। TRIPSৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ Trade-Related Aspects of Intellectual Property Rights.

১০। OPEC ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ Organisation of the Petroleum Exporting Countries.

১১। “Globalization and its Discontents” কিতাপখনৰ ৰচক কোন?

উত্তৰঃ যোচেফ ষ্টিগলিটজ (Joseph Stiglitz)।

১২। “Making Globalisation Work”— কিতাপখনৰ ৰচক কোন?

উত্তৰঃ যোচেফ ষ্টিগলিটজ (Joseph Stiglitz)।

১৩। বিশ্বায়নৰ এগৰাকী সমালোচকৰ নাম লিখা।

উত্তৰঃ জেমছ পেট্ৰাছ (James Petras)

১৪। WSF ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ World Social Forum.

১৬। SDR ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ Special Drawing Rights.

১৫। সীমাবিহীন পৃথিৱী (Borderless World)ৰ ধাৰণা কোনে আগবঢ়াইছিল?

উত্তৰঃ Kenichi Ohmae.

১৭। MDGৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ Millennium Development Goals.

১৮। বিশ্ববেংক কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰঃ ২৭ ডিচেম্বৰ ১৯৪৫।

১৯। বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক’ত?

উত্তৰঃ ওৱাচিংটন ডি.চি.

২০। GATS ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ General Agreement on Trade in Service.

২১। TRIM ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ Trade Related Investment Measures.

২২। GATT ক আঁতৰাই কোনটো সংগঠন গঠন কৰা হৈছিল?

উত্তৰঃ World Trade Organization (WTO)।

২৩। ‘Multilateral Investment Guarantee Agency’ কেতিয়া গঠন হৈছিল?

উত্তৰঃ ১৯৮৮ চনত।

২৪। NAFTA ৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ North American Free Trade Agreement.

২৫। IBRD ৰ সম্পূৰ্ণ ৰূপটো লিখা?

উত্তৰঃ International Bank for Reconstruction and Development.

২৬। বিশ্বায়ন মানে কি?

উত্তৰঃ বিশ্বায়ন মানে হ’ল বিশ্বব্যাপী আন্তঃসংযোগ।

২৭৷ ৰাষ্ট্ৰৰ সামৰ্থৰ ওপৰত বিশ্বায়নৰ এটা সকাৰাত্মক প্ৰভাৱ উল্লেখ কৰা ।

উত্তৰঃ প্রযুক্তি ব্যৱহাৰ কৰি ৰাষ্ট্ৰই নাগৰিকসকলক প্রয়োজনীয় তথ্যপাতি প্ৰদান কৰিব পাৰে।

২৮। সাংস্কৃতিক বৈসাদৃশ্যতা মানে কি?

উত্তৰঃ বিশ্বৰ সংস্কৃতি একে নহয়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতি, জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ ভিন্ন ভিন্ন সংস্কৃতি পৰিলক্ষিত হয়।

২৯। বিশ্বায়নে কিদৰে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক প্ৰভাৱিত কৰে?

উত্তৰঃ বিশ্বায়নৰ ফলত ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব ক্ষমতা সীমিত হৈ পৰিছে বুলি কোৱা হয়। ৰাষ্ট্ৰই কেৱল আইন শৃংখলা নিয়ন্ত্ৰণ আৰু নাগৰিকৰ জীৱনৰ সুৰক্ষাৰ দায়িত্বতে সীমাৱদ্ধ হ’ব লগা হৈছে। জনকল্যাণমুখী ৰাষ্ট্ৰৰ ঠাইত এতিয়া বজাৰকেন্দ্ৰিক ৰাষ্ট্ৰৰ সৃষ্টি হোৱাৰ অভিযোগ উঠিছে।

৩০। বিশ্বায়নে কেনেকৈ বিশ্বৰ সংস্কৃতিৰ প্ৰতি ভাবুকি আনিছে?

উত্তৰঃ বিশ্বায়নে একে ধৰণৰ সংস্কৃতি সৃষ্টি কৰে বুলি আশংকা কৰা হয়। পৰম্পৰাগত আৰু স্থানীয় সংস্কৃতি বিলুপ্ত হোৱাৰ এক পৰিস্থিতি সৃষ্টি হয়।

৩১)বিশ্ব সামূহিক সম্পদ বুলিলে কি বুজা? এই সম্পদবোৰ সংৰক্ষণৰ উপায় উল্লেখ কৰা।

উত্তৰঃ সামূহিক বা ৰাজহুৱা সম্পদ বুলিলে সেই সম্পদক বুজোৱা হয় যিবোৰ কোনো ব্যক্তিৰ বাবে নহয় বৰং এটা সম্প্রদায়ে ভোগ কৰে। এখন নদী, এখন উদ্যান, এটা সামূহিক কেন্দ্ৰ আদি সামূহিক বা ৰাজহুৱা সম্পদৰ ভিতৰত পৰে। বিশ্বত এনে বহুতো অঞ্চল আছে যিবোৰ কোনো সাৰ্বভৌম ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰত অৱস্থিত নহয় আৰু সেয়েহে বিশ্বসমূদায়ে সামূহিকভাবে এনে অঞ্চলবোৰ শাসন কৰা প্ৰয়োজন। এনে সম্পদবোৰক বিশ্বৰ সামূহিক সম্পদ বোলা হয়। বিশ্বৰ এনে সামূহিক সম্পদসমূহৰ ভিতৰত পৃথিৱীৰ জলবায়ু এণ্টাকটিকা মহাদেশ, বৰফাকৃত অঞ্চল আৰু মহাকাশ অন্যতম।

৩২)গোলকীকৰণৰ দুটা ইতিবাচক দিশ উল্লেখ কৰা।

উত্তৰঃ গোলকীকৰণৰ দুটা ইতিবাচক দিশ তলত উল্লেখ কৰা হ’ল—

(ক) ক্ষীপ্র অর্থনৈতিক বিকাশ (Rapid Economic Development) – গোলকীকৰণে প্রত্যেক মানুহকে কামত সচেতন আৰু সক্ৰিয় কৰি তোলে। প্ৰতিযোগিতাৰ যুগত অংশীদাৰ হৈ তেওঁলোকে বেছি উৎপাদন আৰু বিক্ৰী কৰিব চেষ্টা কৰে। গোলকীকৰণৰ মূল নীতিয়ে হ’ল যে প্রত্যেকে নিজক আনতকৈ শ্রেষ্ঠ প্রতিপন্ন কৰা। যাৰ ফলস্বৰূপে অৰ্থনীতিৰ ক্ষীপ্র বিকাশ হয়।

(খ) সাংস্কৃতিক সহসম্পর্ক (Cultural linkage) – যিহেতু গোলকীকৰণে ৰাষ্ট্ৰৰ সীমাৰ বাধা অতিক্রম কৰে; সেইবাবে এখন ৰাষ্ট্ৰৰ সংস্কৃতি আন এখন ৰাষ্ট্ৰলৈ প্ৰবাহিত হোৱাটো সহজ হয়। ৰাষ্ট্ৰসমূহৰ মাজত ধাৰণা বা প্ৰমূল্যৰ প্ৰবাহৰ ফলত এক নতুন সংস্কৃতি গঢ় লৈ উঠে। আৰু তেওঁলোকৰ মাজত থকা সাংস্কৃতিক পাৰ্থক্যবোৰও কমি যায়।

৩৩) গোলকীকৰণৰ দুটা নেতিবাচক দিশ লিখা।

উত্তৰঃ গোলকীকৰণৰ নেতিবাচক দিশ দুটা হ’ল–

(ক) অনুন্নত ৰাষ্ট্ৰসমূহক শোষণ (Exploitation of Underdeveloped countries) – গোলকীকৰণে উন্নত ৰাষ্ট্ৰসমূহক অনুন্নত ৰাষ্ট্ৰসমূহৰ শোষণৰ বাট মুকলি কৰি দিছে। বৃহৎ উদ্যোগ গোষ্ঠীয়ে অনুন্নত ৰাষ্ট্ৰৰ পৰা কম মূল্যত কেঁচা সামগ্ৰী ক্রয় কৰে। আৰু সেই কেঁচা সামগ্ৰীসমূহ প্ৰস্তুত কৰি নিজৰ ৰাষ্ট্ৰলৈ আনি বেছি দামত অনুন্নত ৰাষ্ট্ৰবোৰত বিক্ৰী কৰে। অৱশ্যে এনে বৃহৎ উদ্যোগসমূহৰ ভিন্ন শাখা অনুন্নত ৰাষ্ট্ৰসমূহত স্থাপন কৰা হৈছে যদিও তাৰ স্থানীয় কৰ্মচাৰীক অতি কম মজুৰি প্ৰদান কৰা হয়।

(খ) ধনী-দুখীয়াৰ মাজৰ অন্তৰাল বৃদ্ধি (Lidening of Rich-Poor Gap) – গোলকীকৰণে ধনী শ্রেণীকহে বেছি লাভান্বিত কৰিছে। যিসকল ধনী শ্রেণী তেওঁলোকে গোলকীকৰণ প্ৰক্ৰিয়াৰ লাভ ভোগ কৰিব পাৰে; কিন্তু দুখীয়া শ্রেণী দুখীয়া হৈয়ে ৰয়।

৩৪) গোলকীকৰণৰ দুটা ৰাজনৈতিক প্ৰভাৱ সম্পৰ্কে লিখা।

উত্তৰঃ গোলকীকৰণৰ দুটা ৰাজনৈতিক প্ৰভাৱ হ’ল—

(ক) গোলকীকৰণৰ ফলত ৰাষ্ট্ৰসমূহৰ চৰকাৰৰ কাৰ্যাৱলী ক্রমান্বয়ে সংকুচিত হৈ আহিছে। বৰ্তমান কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণা সীমিত ৰাষ্ট্ৰ (Minimal State) লৈ পর্যবসিত হৈছে আৰু ৰাষ্ট্ৰ কাৰ্যাৱলী মাত্ৰ কেইটামান ঐচ্ছিক কার্য যেনে দেশৰ ভিতৰত আইন-শৃংখলা ৰক্ষা কৰা আৰু জনসাধাৰণক নিৰাপত্তা দিয়া আদিতে সীমাবদ্ধ হৈ পৰিছে।

(খ) তদুপৰি ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সামাজিক কল্যাণমূলক কার্যসমূহ সম্পাদনৰ বাবে ৰাষ্ট্ৰৰ পৰিৱৰ্তে অগ্ৰাধিকাৰ লাভ কৰিছে বিভিন্ন বহুজাতিক কোম্পানীসমূহে।

৩৫) গোলকীকৰণৰ দুটা অৰ্থনৈতিক প্ৰভাৱ লিখা।

উত্তৰঃ গোলকীকৰণৰ দুটা অৰ্থনৈতিক প্ৰভাৱ হ’ল—

(ক) গোলকীকৰণৰ ফলত ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক লেন-দেন আৰু আদান-প্রদান ক্রমাগতভাৱে বৃদ্ধি পাই আহিছে। ফলত উন্নত আৰু পুঁজিবাদী দেশসমূহৰ পুঁজি বিনিয়োগকাৰীসকলে নিজৰ দেশৰ উপৰি অন্যান্য অনুন্নত আৰু উন্নয়নশীল দেশসমূহতো পুঁজি বিনিয়োগ কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।

(খ) কম্পিউটাৰ, ইণ্টাৰনেট আদি সেৱাসমূহৰ উপলব্ধতাই সমগ্ৰ মানৱ সমাজৰ চিন্তা-চৰ্চাৰ আদান-প্ৰদানত এক নতুন যুগৰ সুচনা কৰে।

৩৬) গোলকীকৰণৰ দুটা সাংস্কৃতিক প্ৰভাৱ উল্লেখ কৰা।

উত্তৰঃ গোলকীকৰণৰ দুটা সাংস্কৃতিক প্ৰভাৱ হ’ল–

(ক) গোলকীকৰণ প্ৰক্ৰিয়াই এখন সমাজৰ পৰা আন এখন সমাজলৈ ৰীতি-নীতি, ধ্যান-ধাৰণাৰ আদান-প্ৰদানৰ দ্বাৰা সংহতি গঢ়ি তোলাত সহায় কৰিছে।

(খ) সাংস্কৃতিক গোলকীকৰণৰ ফলত সাংস্কৃতিক একত্ৰীকৰণ গঢ় লৈ উঠাৰ লগতে বিশ্ব দৰবাৰত প্ৰত্যেক দেশৰ সংস্কৃতিয়ে নিজৰ স্বকীয় অস্তিত্ব দাঙি ধৰিবলৈ সক্ষম হৈছে।

৩৭) গোলকীকৰণৰ বৈশিষ্ট্যসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ গোলকীকৰণৰ মূল বৈশিষ্ট্যসমূহ হ’ল–

(ক) উদাৰীকৰণ : গোলকীকৰণ প্ৰক্ৰিয়াই অৰ্থনীতিৰ উদাৰীকৰণ ব্যৱস্থাক গুৰুত্ব দিয়ে। ইয়াত ব্যক্তি বা প্রতিষ্ঠানে উদ্যোগ স্থাপন, ব্যৱসায়, সম্পদ বিনিময় আদিৰ ক্ষেত্ৰত এখন দেশৰ লগত আন এখন দেশৰ সম্পৰ্ক স্থাপন কৰিবলৈ স্বাধীনতা লাভ কৰে।

(খ) মুক্ত বাণিজ্য : মুক্ত বাণিজ্য গোলকীকৰণ প্ৰক্ৰিয়াৰ অন্য এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যৰ ক্ষেত্ৰত ৰাষ্ট্ৰ এখনৰ চৰকাৰৰ অত্যাধিক হস্তক্ষেপ নাথাকে। বাণিজ্যৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহক মুক্ত নীতি গ্ৰহণ কৰা দেখা যায়।

(গ) অর্থনৈতিক কার্যকলাপৰ গোলকীকৰণ : ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰ অৰ্থনৈতিক কাৰ্য-কলাপৰ দ্বাৰা নিয়ন্ত্রিত; ৰাষ্ট্ৰীয় অর্থনীতি আৰু বিশ্ব অর্থনীতিৰ সহযোগিতা আদি গোলকীকৰণৰ জড়িয়তে সম্ভৱ হৈ পৰিছে।

(ঘ) সীমাবিহীন পৃথিৱী : গোলকীকৰণে দেশীয় সীমাৰ বাধা অতিক্ৰম কৰি আন্তঃৰাষ্ট্ৰীয় সংযোগ সাধন কৰিছে। সেয়েহে গোলকীকৰণৰ যুগত সম্পূর্ণ পৃথিৱীখনক সীমাবিহীন পৃথিৱী বুলি কোৱা হয়।

(ঙ) এক বহুমুখী প্রক্রিয়া : গোলকীকৰণ এক বহুমুখী প্ৰক্ৰিয়া৷ ই কেৱল অর্থনৈতিক দিশকে নহয়; ৰাজনৈতিক, সাংস্কৃতিক দিশকো সামৰি লয়।

(চ) সংযোগিতা : গোলকীকৰণে এটা অঞ্চলক আন এটা অঞ্চলৰ সৈতে এখন দেশক আন এখন দেশৰ সৈতে সংযোগিতা কৰে।

(ছ) এক যৌগিক প্রক্রিয়া : গোলকীকৰণ এক যৌগিক প্ৰক্ৰিয়া। ই জাতীয় ৰাষ্ট্ৰসমূহক উমৈহতীয়া অর্থনৈতিক, বাণিজ্যিক, ৰাজনৈতিক, সাংস্কৃতিক আদি ক্ষেত্ৰৰ দ্বাৰা সংযোগ কৰি ৰাখে।

(জ) আমদানি-ৰপ্তানি ব্যৱস্থাৰ উদাৰীকৰণ : গোলকীকৰণ প্ৰক্ৰিয়াই সামগ্ৰীৰ আমদানি বা ৰপ্তানিৰ ক্ষেত্ৰত থকা পূৰ্বৰ বাধ্যবাধকতা বহুখিনি হ্ৰাস কৰিছে। ই ৰাষ্ট্ৰসমূহৰ সীমাৰ বাহিৰত সামগ্ৰী আৰু সেৱাৰ মুক্ত প্ৰবাহৰ সুবিধা প্ৰদান কৰিছে।

(ঝ) ব্যক্তিগতকৰণ : গোলকীকৰণ প্ৰক্ৰিয়াই ৰাষ্ট্ৰসমূহক উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ পৰা নিলগত ৰাখি মুক্ত বাণিজ্য, উদ্যোগ স্থাপন তথা অন্য অর্থনৈতিক কাৰ্যৰ ক্ষেত্ৰত ব্যক্তিগত প্ৰতিষ্ঠানৰ ভূমিকা বৃদ্ধিত অৰিহণা যোগাইছে।

(ঞ) বৰ্দ্ধিত সহযোগিতা : গোলকীকৰণ প্ৰক্ৰিয়াই আধুনিকীকৰণ, উন্নয়ন আৰু প্ৰযুক্তিৰ উন্নয়ন সাধন কৰাৰ বাবে উদ্যোগীসকলৰ মাজত সহযোগিতা বৃদ্ধিৰ পোষকতা কৰে।

(ট) অর্থনৈতিক সংস্কাৰ : মুক্ত বাণিজ্য, মুক্ত উদ্যোগ আৰু বজাৰসমূহৰ বিকাশৰ বাবে গোলকীকৰণে অর্থনৈতিক আৰু বিত্তীয় সংস্কাৰৰ প্ৰতি গুৰত্ব প্ৰদান কৰে।

গোলকীকৰণে মুক্ত বাণিজ্য, বিশ্বৰ বজাৰত অংশগ্ৰহণৰ সুবিধা আৰু ৰাষ্ট্ৰৰ সীমাৰ বাহিৰত বিনিয়োগৰ প্ৰবাহৰ পোষকতা কৰে। ই বিশ্ব সংস্কৃতিৰ, অৰ্থনীতিৰ আৰু আন্তঃগাথনিৰ সংহতি আৰু গণতান্ত্ৰিকৰণ সমৰ্থন কৰে।

৩৮) গোলকীকৰণৰ সুফলসমূহ লিখা।

উত্তৰঃ গোলকীকৰণৰ সুফলসমূহ তলত উল্লেখ কৰা হ’ল–

(ক) ক্ষীপ্র অর্থনৈতিক বিকাশ (Rapid Economic Development) : গোলকীকৰণে সকলো মানুহকে সচেতন আৰু কৰ্মতৎপৰ কৰি তুলিছে। প্রতিযোগিতাৰ অংশীদাৰ হৈ প্ৰত্যেকে আৰু অধিক উৎপাদনৰ প্ৰচেষ্টা চলায়। পৃথিৱীৰ প্ৰত্যেক ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নতিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

(খ) বিনিয়োগ বৃদ্ধি (More of investment) : মুক্ত অর্থনীতিয়ে বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰে। ধনী দেশবোৰে দুখীয়া দেশবোৰতে মূলধন বিনিয়োগৰ উপৰি উদ্যোগ প্রতিষ্ঠা কৰা দেখা যায় ।

(গ) কর্মসংস্থাপন বৃদ্ধি (More of Employment) : উন্নয়নশীল ৰাষ্ট্ৰবোৰত উদ্যোগ স্থাপনে কর্মসংস্থাপন বৃদ্ধিত অৰিহণা যোগায়। দক্ষতাসম্পন্ন যোগ্য ব্যক্তিয়ে বিভিন্ন উদ্যোগত কর্মসংস্থাপন পাবলৈ সক্ষম হয়।

(ঘ) ঘৰুৱা উদ্যোগৰ দক্ষতা বৃদ্ধি (Increase in the Efficiency of Domestic Companies) : ঘৰুৱা উদ্যোগবোৰে বহুজাতিক কোম্পানীৰ সৈতে প্ৰতিযোগিতাত অবতীর্ণ হয়; যাৰ ফলত ইয়াৰ কৰ্মদক্ষতা বৃদ্ধি পায় ।

(ঙ) সাংস্কৃতিক সংযোগ (Cultural linkage) : যিহেতু গোলকীকৰণে দেশীয় সীমাৰ বাধা অতিক্রম কৰে; সেইবাবে এখন দেশৰ সংস্কৃতিক আন দেশলৈ প্ৰবাহিত হোৱাত সহায়ক হয়। ধাৰণা, মূল্যবোধ, পৰম্পৰা আদিৰ আদান-প্ৰদানৰ ফলত এক নতুন সংস্কৃতি গঢ় লৈ উঠে আৰু তেওঁলোকৰ মাজত থকা সাংস্কৃতিক বিভিন্নতা হ্রাস পায়।

(চ) এক পৃথিৱী (One World) : গোলকীকৰণে গোটেই পৃথিৱীখনক এক কৰাত সফল হৈছে। ই জাতীয় সীমাৰ বাধা অতিক্ৰম কৰিছে আৰু সকলো ৰাষ্ট্ৰকে বন্ধুত্ব, সহযোগিতাৰে বান্ধি ৰাখিছে।

(ছ) গণতন্ত্রক শক্তিশালী কৰে (Strengthening of Democracy) : গোলকীকৰণৰ ফলত গণতন্ত্র শক্তিশালী হয়। গণতন্ত্রই মূলতঃ ৰাজনৈতিক স্বাধীনতাক বুজায়; আৰু অর্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা অর্থহীন। যিহেতু গোলকীকৰণে জনসাধাৰণক অর্থনৈতিক স্বাধীনতা প্ৰদান কৰে; সেয়ে ই গণতান্ত্রিক ব্যৱস্থাত সক্রিয় অংশ গ্ৰহণৰ সুবিধা প্ৰদান কৰে।

(জ) চৰকাৰ অধিক দক্ষ হয় (The Government becomes more efficient) : গোলকীকৰণে চৰকাৰক পৰম্পৰাগত ধীৰ, দুৰ্নীতিগ্ৰস্ত, প্রকৃতি সলনি কৰিবলৈ বাধ্য কৰাইছে। উদাৰীকৰণ আৰু গোলকীকৰণৰ ফলত চৰকাৰ অধিক স্বচ্ছ আৰু সক্ৰিয় হৈছে।

৩৮) গোলকীকৰণৰ দুৰ্বলতা বা দোষসমূহ আলোচনা কৰা।

উত্তৰঃ গোলকীকৰণৰ দোষসমূহ তলত আলোচনা কৰা হ’ল—

(ক) অনুন্নত ৰাষ্ট্ৰসমূহক শোষণ (Exploitation of underdeveloped Countries) : বৃহুজাতিক উদ্যোগসমুহে অনুন্নত ৰাষ্ট্ৰৰ পৰা কম মূল্যত কেঁচা সামগ্ৰী ক্ৰয় কৰে আৰু নিজ ৰাষ্ট্ৰলৈ আনি সামগ্রী উৎপাদন কৰে। সেই উৎপাদিত সামগ্ৰী পুনৰ অনুন্নত ৰাষ্ট্ৰলৈ অধিক লাভত বিক্ৰী কৰে ৷ গতিকে বৃহৎ পৰিমাণৰ লাভ এই বহুজাতিক প্রতিষ্ঠানসমূহে লাভ কৰে।

(খ) বৰ্দ্ধিত কর্মসংস্থাপনহীনতা (Increase in Unemployment) : বৃহৎ উদ্যোগ প্রতিষ্ঠানবোৰে কৰ্মচাৰীৰ হাৰ কমাবলৈ অত্যাধুনিক যন্ত্রপাতিৰ ব্যৱহাৰ কৰে। তদুপৰি উন্নয়নশীল ৰাষ্ট্ৰৰ চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পৰা বিনিয়োগ কমাই আনিছে। এনেবোৰ কাৰণতে এই দেশসমূহত কৰ্মসংস্থাপনৰ অভাৱ ঘটা দেখা যায়।

(গ) ধনী-দুখীয়াৰ ব্যৱধান বৃদ্ধি (Livening of Rich-Poor Gap) : গোলকীকৰণে ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান বৃদ্ধি কৰিছে। যিবোৰ ইতিমধ্যে চহকী তেওঁলোকে গোলকীকৰণৰ সুবিধা লাভ কৰি আৰু অধিক চহকী হৈ গৈ আছে। আনহাতে দুখীয়া শ্রেণী দুখীয়া হৈয়ে আছে।

(ঘ) সামাজিক নিৰাপত্তা আৰু সামাজিক কল্যাণত প্ৰভাৱ (Adverse Effects on Social security and social Welfare) : ব্যক্তিগতকৰণৰ প্ৰভাৱত, বহু উন্নয়নশীল ৰাষ্ট্ৰই সামাজিক কল্যাণমূলক কাম পৰিহাৰ কৰিছে। ব্যক্তিগত প্রতিষ্ঠানসমূহে বর্তমান শিক্ষা, স্বাস্থ্য আৰু অন্যান্য উন্নয়নশীল ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছে। যাৰ ফলস্বৰূপে, দুখীয়া লোকসকল বহু সমস্যাৰ সন্মুখীন হৈছে। এনে লোকসকলে শিক্ষা আৰু স্বাস্থ্যৰ বাবে অত্যাধিক ব্যয় বহল কৰিবলৈ সক্ষম নহয়। তেওঁলোকে দৰিদ্ৰতাৰ বাবে স্বাস্থ্যৰ বিমাৰ বাবেও যাব নোৱাৰে। সেইকাৰণে গোলকীকৰণৰ ফলত সামাজিক কল্যাণ বহু পৰিমাণে হ্রাস পাইছে।

(ঙ) পৰিবেশ ধ্বংস (Destruction of Environment) : গোলকীকৰণে পৰিবেশ ধ্বংস কৰিছে। অর্থনৈতিক উন্নতিৰ নামত পৰিবেশৰ ওপৰত বিদ্রুপ প্ৰভাৱ পৰিছে। বৃহৎ উদ্যোগ আৰু বান্ধসমূহ নিৰ্মাণৰ নামত পৰিবেশৰ ওপৰত বৃহৎ প্ৰভাৱ পেলাইছে।

(চ) ক্ষুদ্র উদ্যোগ আৰু ক্ষুদ্ৰ ব্যৱসায় আদিৰ ওপৰত বেয়া প্ৰভাৱ (Harmful Effects on small Industries and small Business) : বৃহৎ উদ্যোগসমূহে সমগ্ৰ বজাৰখন দখল কৰে। ক্ষুদ্র উদ্যোগবোৰে বৃহৎ উদ্যোগৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম নহয়।

 

Comments

Popular posts from this blog

Class 12 MCQs Part A Assamese Medium

Part B Chapter 2 Assamese

Class 12 MCQs Part B Assamese Medium