FYUGP 2nd Sem Political Science (Fundamental Rights)

 

১) ভাৰতবৰ্ষৰ সংবিধানখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানখন সংবিধান সভাই ৰচনা কৰিছিল।

২) ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল ?

উত্তৰঃ ভাৰতৰ সংবিধান সভাৰ সভাপতি আছিল- ড ৰাজেন্দ্ৰ প্ৰসাদ।

৩) সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল ?

উত্তৰঃ সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি আছিল- বি আৰ আম্বেদকাৰ।

৪) ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল আৰু ই কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল ?

উত্তৰঃ ভাৰতীয় সংবিধানখন ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে গ্ৰহণ কৰা হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে কাৰ্যকৰী কৰা হয়।

৫) ভাৰতীয় সংবিধানখন আংশিকভাৱে নমনীয় আৰু আংশিকভাৱে অনমনীয়। সঁচানে মিছা ?

উত্তৰঃ সচাঁ।

৬) কোন চনত ৪২ তম সংশোধনী আইন গৃহীত হৈছিল ?

উত্তৰঃ ১৯৭৬ চনত ৪২ তম সংশোধনী আইন গৃহীত হৈছিল।

৭) সংবিধানৰ কোনটো অনুচ্ছেদে  ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ বুলি অভিহিত কৰিছে ?

উত্তৰঃ অনুচ্ছেদ ১

৮) বৰ্তমান ভাৰতৰ সংবিধানৰ মুঠ অনুচ্ছেদৰ সংখ্যা কিমান?

উত্তৰঃ বৰ্তমান ভাৰতৰ সংবিধানৰ মুঠ অনুচ্ছেদৰ সংখ্যা হল- ৪৪৮ টা।

৯) বৰ্তমান ভাৰতবৰ্ষৰ সংবিধানত কিমানটা অনুসূচী আৰু অংশ আছে ?

উত্তৰঃ বৰ্তমান ভাতবৰ্ষৰ সংবিধানত ১২ টা অনুসূচী আছে।

১০) মৌলিক অধিকাৰসমূহ সংবিধানত লিপিবদ্ধ কৰা কাৰণসমূহ বিচাৰ কৰা।

উত্তৰঃ মৌলিক অধিকাৰসমূহ সংবিধানত লিপিবদ্ধ কৰা কাৰণসমূহ হল-

১) গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ সাফল্যৰ ববে সংবিধানত নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহ লিপিবদ্ধ কৰা প্ৰয়োজন। অধ্যাপক ডি এন বেনাৰ্জীৰ মতে ই হল গণতন্ত্ৰৰ ৰক্ষাকৱচ। মৌলিক অধিকাৰবোৰ সংবিধানত  লিপিবদ্ধ থাকিলে শাসক দল স্বেচ্ছাচাৰী হব নোৱাৰে।

২) গণতান্ত্ৰিক শাসন ব্যৱস্থাত সংখ্যাগৰিষ্ঠৰ শাসন প্ৰতিষ্ঠিত হয়। সংবিধানত মৌলিক অধিকাৰসমূহ লিপিবদ্ধ থাকিলে সংখ্যালঘু সম্প্ৰদায়ৰ স্বাৰ্থ ভালদৰে সুৰক্ষা কৰিব পাৰি।

৩) বহুতে মত প্ৰকাশ কৰে যে মৌলিক অধিকাৰসমূহ সংবিধানত লিপিবদ্ধ থাকিলে এইবোৰৰ বিষয়ে জনসাধাৰণৰ এটা সুস্পষ্ট ধাৰণা হয়।

১২) মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ কিয় বিলোপ কৰা হৈছে ?

উত্তৰঃ মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ বিলোপ হোৱাৰ কাৰণ হল- ভাৰতবৰ্ষৰ সংবিধানত লিপিবদ্ধ থকা মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰটো ১৯৭৮ চনত ৪৪ তম সংবিধান সংশোধনৰ জৰিয়তে বিলোপ ঘটোৱা হৈছিল। ইয়াৰ মূলতে হল পৰিৱৰ্তিত সমাজ ব্যৱস্থা আৰু জনগণৰ বৃহত্তৰ স্বাৰ্থত এই অধিকাৰটো সংস্কাৰ ঘটাই দেশত সমাজবাদ প্ৰতিষ্ঠা কৰাটো ৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ বাবে সমাজবাদ প্ৰতিষ্ঠাৰ বাবে হেঙাৰস্বৰূপ আছিল। ইয়াকে নাইকিয়া কৰিবলৈ যাওঁতে কৰ্তৃপক্ষই বিভিন্ন সমস্যাৰ সন্মুখীন হবলগীয়া হৈছিল। বিশেষকৈ সম্পত্তিৰ অধিকাৰে এই বাধাৰ সৃষ্টি কৰিছিল। এই বাধাক আঁতৰোৱাৰ বাবে সম্পত্তিৰ অধিকাৰটো কেইবাবাৰো সংশোধন কৰিবলগীয়া হৈছিল। আনহাতে দেশত সমাজবাদ প্ৰতিষ্ঠাৰ যোগেদি আৰ্থ-সামাজিক উন্নতি কৰিবলৈ ভাৰত চৰকাৰ প্ৰতিজ্ঞাবদ্ধ। সেয়ে এই উদ্দেশ্যত উপনীত হবৰ বাবে আৰু ভাৰতবৰ্ষক এখন সমাজতান্ত্ৰিক ৰাষ্ট্ৰত পৰিণত কৰাৰ বাবে পথ সুগম কৰিছিল। বৰ্তমান সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰিৱৰ্তে এটা বিধিবদ্ধ পৌৰ অধিকাৰ।

১৩) ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰবোৰৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

 

উত্তৰঃ ভাৰতীয় সংবিধানত সন্নিৱিষ্ট মৌলিক অধিকাৰবোৰৰ বৈশিষ্ট্যসমূহ হল-

 

১) চৰম নহয়- ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহ চৰম বা সীমাহীন নহয়। কিছুমান সীমাবদ্ধতা মাজতহে এই অধিকাৰসমূহ ভোগ কৰিব পাৰি। এজনে অধিকাৰ ভোগ কৰাৰ সময়ত আন এজনৰ অধিকাৰ যাতে খৰ্ব নহয় তাৰ প্ৰতি লক্ষ্য ৰখা উচিত। অধিকাৰৰ লগত সদায় কৰ্তব্য জড়িত থাকে। আমাৰ মৌলিক অধিকাৰসমূহো ইয়াৰ ব্যতিক্ৰম নহয়। তাৰোপৰি দেশৰ সাৰ্বভৌমত্ব আৰু ৰাষ্ট্ৰীয় অখণ্ডতা ৰক্ষাৰ কাৰণে অধিকাৰ ভোগৰ ক্ষেত্ৰত কেতিয়াবা বাধা আৰোপ কৰিবলগা হয়। জাতিৰ স্বাৰ্থতকৈ কোনো অধিকাৰ অধিক মূল্যৱান নহয়। সেয়েহে ভাৰতীয় নাগৰিকসকলৰ অধিকাৰসমূহ সীমাহীন বা অবাধ নহয়।


২) বাদযোগ্য- ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহ বাদযোগ্য। অৰ্থাৎ এই অধিকাৰসমূহ আদালতৰ দ্বাৰা বলবৎ কৰিব পাৰি। কোনো ব্যক্তি, সংস্থা নাইবা চৰকাৰে এই অধিকাৰসমূহৰ ওপৰত হস্তক্ষেপ কৰিলে, এই হস্তক্ষেপৰ বিৰুদ্ধে আদালতৰ সহায় লব পাৰি। সংবিধানৰ ৩২ আৰু ২২৬ নং অনুচ্ছেদমতে মৌলিক অধিকাৰ ৰক্ষাৰ কাৰণে ক্ৰমান্বয়ে উচ্চতম ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় ওচৰ চাপিব পাৰি। এই আদালতসমূহে নাগৰিকসকলৰ মৌলিক অধিকাৰ ৰক্ষাৰ ব্যৱস্থা কৰে।


৩) সাধাৰণ অৱস্থাত মৌলিক অধিকাৰৰ সংকোচন- ভাৰতবৰ্ষৰ সংবিধানত সাধাৰণ অৱস্থাতো মৌলিক অধিকাৰ উপভোগৰ ক্ষেত্ৰত বাধা-নিষেধ আৰোপৰ ব্যৱস্থা কৰা হৈছে। স্বাধীনতাৰ অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগ্ত বাধানিষেধ আৰোপ কৰিব পাৰে। তাৰোপৰি নিবাৰক নিৰোধক আইনৰ জৰিয়তে কোনো ব্যক্তি নিৰ্দিষ্ট সময়ৰ বাবে আটক কৰিব পৰাৰ ব্যৱস্থাও আছে। জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো পুৰুষ-মহিলাক নিয়োগৰ ক্ষেত্ৰত সমান সুবিধাৰ আশ্বাস দিয়া আছে যদিও পিছপৰা সম্প্ৰদায়ৰ আদিৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।


৪) জৰুৰী অৱস্থা বলবৎযোগ্য নহয়- সাধাৰণ অৱস্থাত আদালতে মৌলিক অধিকাৰসমূহ বলবৎ কৰিব পাৰে। কিন্তু দেশত জৰুৰীকালীন অৱস্থা ঘোষিত হলে ৰাষ্ট্ৰপতিয়ে আদেশ জাৰি কৰি মৌলিক অধিকাৰ বলবৎ কৰিবৰ কাৰণে আদালতৰ ওচৰত আবেদন কৰাৰ অধিকাৰ বাতিল কৰিব পাৰে। জৰুৰী অৱস্থা বাহাল থকা সময়ছোৱাত ১৯ নং অনুচ্ছেদত থকা স্বাধীনতাৰ অধিকাৰ বাতিল হৈ যায়। এই সময়ছোৱাত নাগৰিকে মৌলিক অধিকাৰ ৰক্ষাৰ বাবে ন্যায়ালয়ৰ ওচৰ চাপিলে ন্যায়ালয়ে নাগৰিকৰ সহায় কৰিব লাগে।


৫) অৰ্থনৈতিক অধিকাৰৰ অনুপস্থিতি- ভাৰতীয় সংবিধানত সন্নিবিষ্ট কৰা মৌলিক অধিকাৰসমূহ পৌৰ আৰু ৰাজনৈতিক অধিকাৰ। ইয়াত জনসাধাৰণৰ কোনো অৰ্থনৈতিক অধিকাৰে ঠাই পোৱা নাই। জীৱন ধাৰণাৰ অধিকাৰ, চাকৰিৰ অধিকাৰ আদিয়ে আমাৰ সংবিধানত স্বীকৃতি লাভ কৰা নাই। ভাৰতবৰ্ষৰ সংবিধানে অকল ৰাজনৈতিক অধিকাৰৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে।

 

১৪) মৌলিক অধিকাৰত অন্তৰ্ভূক্ত স্বাধীনতাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা।


উত্তৰঃ ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহৰ ভিতৰত স্বাধীনতাৰ অধিকাৰ অতি গুৰুত্বপূৰ্ণ। সংবিধানৰ ১৯, ২০, ২১ আৰু ২২ নং অনুচ্ছেদত এই অধিকাৰ আলোচনা কৰা হৈছে। মূল সংবিধানত নাগৰিকক সাতোটা স্বাধীনতা প্ৰদান কৰা হৈছিল। কিন্তু ৪৪ তম সংশোধনীত সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বিলোপ কৰাৰ ফলত (অনু ১৯ (১) -(চ) বৰ্তমান এই অনুচ্ছেদত ছটা স্বাধীনতা অন্তৰ্ভূক্ত কৰা হৈছে। ১৯ নং অনুচ্ছেদে নাগৰিকসকলৰ প্ৰদান কৰা স্বাধীনতাসমূহ হল-


    ১) বাক্-স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ

    ২) বিনা অস্তই শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ

    ৩) সংস্থা গঠনৰ অধিকাৰ

    ৪) ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ

    ৫) ভাৰতবৰ্ষৰ যিকোনো অঞ্চলতে বসবাস কৰাৰ অধিকাৰ, আৰু

    ৬) যিকোনো বৃত্তি গ্ৰহণ বা ব্যৱসায় কৰাৰ অধিকাৰ

স্বাধীনতাৰ এই অধিকাৰসমূহ চৰম নহয়। চৰকাৰে এই অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে। তলত নাগৰিকৰ স্বাধীনতাৰ অধিকাৰসমূহ ব্যাখ্যা কৰা হল-


১) বাক্-স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতাঃ বাক্-স্বাধীনতা বা কথা কোৱাৰ আৰু মত প্ৰকাশৰ স্বাধীনতা গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ বাবে অপৰিহাৰ্য। এই অধিকাৰ অবিহনে নাগৰিকে নিজৰ মনৰ ভাব স্পষ্টভাৱে প্ৰকাশ কৰাৰ সুবিধা নাপায়। সেয়েভাৰতীয় নাগৰিকসকলৰ বাবে এই অধিকাৰটো বৰ গুৰুত্বপূৰ্ণ। বাক্ স্বাধীনতাই নিৰ্ভয়ে আৰু বিনা বাধাই মুখেৰে নিজৰ ধাৰণা ব্যক্ত কৰাৰ ক্ষমতা বুজায়, প্ৰকাশৰ স্বাধীনতাই লিখনিৰ সহায়ত আৰু আন প্ৰকাৰে নিজৰ মনৰ ভাব অনেক বুজোৱাৰ স্বাধীনতা বুজাই।


    সেয়ে হলেও এই অধিকাৰসমূহ বাধাহীন নহয়। দেশৰ সামাজিক শৃংখলা, বৈদেশিক ৰাষ্ট্ৰৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক, ৰাষ্ট্ৰীয় অখণ্ডতা আৰু নিৰাপত্তাৰ খাতিৰত জনসাধাৰণৰ বাক্-স্বাধীনতা আৰু প্ৰকাশৰ স্বাধীনতাৰ ওপৰত যুক্তিসংগত বাধা আৰোপ কৰাৰ ক্ষমতা চৰকাৰৰ হাতত ৰাখিছে। তাৰোপৰি কোনো নাগৰিকে অনৈতিক, আনৰ সন্মান হানিকৰ, আদালতৰ প্ৰতি অৱজ্ঞাসূচক, আনক অপৰাধমূলক কাৰ্যত লিপ্ত কৰাৰ উদ্দেশ্য উদ্দীপনাপূৰ্ণ কথা কোৱা বা তেনে কথা লিখি প্ৰকাশ কৰাৰ অধিকাৰ উপভোগ কৰিব নোৱাৰিব। চৰকাৰে আৰোপ কৰা বাধা-নিষেধৰ যুক্তিযুক্ততা বিচাৰৰ দায়িত্ব ন্যায়ালয়ৰ ওপৰত ন্যস্ত কৰা হৈছে।

২) নিৰস্ত্ৰ আৰু শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ স্বাধীনতাঃ ভাৰতীয় সংবিধানে সকলো নাগৰিকৰ বাবে অস্ত্ৰ-শস্ত্ৰ নোলোৱাকৈ শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। সভা-সমিতিত সমবেত হৈ আলোচনা কৰা নাইবা জনমত গঠন কৰা আদি অধিকাৰ মত প্ৰকাশৰ স্বাধীনতাৰ সৈতে অতিশয় ঘনিষ্ঠভাৱে জড়িত। অৱশ্যে প্ৰকাশৰ অধিকাৰৰ নিচিনা এই অধিকাৰটোও সম্পূৰ্ণ বাধাহীন নহয়। সামাজিক শান্তি আৰু নিৰাপত্তা আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ স্বাৰ্থত ৰাষ্ট্ৰই এই অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিব পাৰে। দেশত জৰুৰীকালীন অৱস্থা চলি থকা সময়ত কোনো লোকে তেওঁৰ সমবেত হোৱাৰ অধিকাৰ ভংগ হোৱাৰ বিপক্ষে ন্যায় বিচাৰি আদালতত ওচৰ চাপিব নোৱাৰে।


৩) সংস্থা গঠনৰ অধিকাৰ-স্বাধীনতাঃ ভাৰতীয় সংবিধানে সামাজিক কল্যাণ সাধনৰ উদ্দেশ্যে সংস্থা অথবা সংঘ গঠন কৰাৰ অধিকাৰ নাগৰিকসকলক প্ৰদান কৰিছে। ইয়াৰ ফলত নাগৰিকসকলে তেওঁলোকৰ ৰুচি অনুযায়ী বিভিন্ন ধৰণৰ সংস্থা আৰু সংগ গঠন কৰিব পাৰে আৰু এইবোৰত সদস্যভূক্ত হব পাৰে। সেয়েহে নাগৰিকসকলে ৰাজনৈতিক দল, শ্ৰমিক সংঘ, ক্ৰীড়া সংস্থা আদি বিভিন্ন সংস্থা গঠন কৰি লব পাৰে। কিন্তু নাগৰিকৰ এই অধিকাৰটোও অবাধ নহয়। বিশৃংখলা সৃষ্টিকাৰী, নীতি-বিগৰ্হিত উদ্দেশ্যে গঠিত বা ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘিনিকাৰী সংস্থা বা সমিতিসমূহৰ ওপৰত ৰাষ্ট্ৰই যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।


৪) ভাৰতৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে চলাচলৰ স্বাধীনতাঃ ভাৰতবৰ্ষৰ সকলো ঠাইতে স্বাধীনভাৱে চলাচল বা যাতায়ত কৰাৰ অধিকাৰ প্ৰতিজন ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ। কিন্তু সন্দেহজনক চৰিত্ৰৰ লোকৰ চলাচলৰ অধিকাৰৰ ওপৰত ৰাষ্ট্ৰই বাধা আৰোপ কৰিব পাৰে। তদুপৰি জনসাধাৰণৰ স্বাৰ্থৰ খাতিৰত কোনো মহামাৰী ৰোগ নিয়ন্ত্ৰণাধীন কৰি ৰখাৰ উদ্দেশ্যে নাইবা অনুসূচিত জনজাতিৰ লোকসকলৰ স্বাৰ্থৰক্ষাৰ বাবে কেতিয়াবা মানুহৰ চলাচলৰ ওপৰত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।


৫) বসবাস কৰাৰ অধিকাৰঃ প্ৰতিজন ভাৰতীয় নাগৰিকে ভাৰতবৰ্ষৰ যিকোনো অঞ্চলত বসবাস কৰাৰ স্বাধীনতা ভোগ কৰে। কিন্তু এই অধিকাৰো চৰম নহয়। জনস্বাৰ্থ আৰু অনুসূচিত জাতি-উপজাতিবিলাকৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ চৰকাৰে এইবিলাকৰ ক্ষেত্ৰতো যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে।


৬) বৃত্তি গ্ৰহণ বা ব্যৱসায় কৰাৰ স্বাধীনতাঃ ভাৰতীয় সংবিধানে নাগৰিকসকলক যিকোনো বৃত্তি, পেছা বা ব্যৱসায় কৰিবলৈ অধিকাৰ দিছে। কিন্তু জনসাধাৰণৰ সু-স্বাস্থ্য, শান্তি আৰু নিৰাপত্তা আৰু নৈতিকতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰই এনে অধিকাৰৰ ওপৰতো যুক্তিসংগত বাধা-নিষেধ আৰোপ কৰিব পাৰে। ৰাষ্ট্ৰই বিভিন্ন বৃত্তিৰ ক্ষেত্ৰত কৰ্মীসকলৰ যোগ্যতা নিৰ্ধাৰণ কৰিব পাৰে।


সংবিধানৰ ২০ নং অনুচ্ছেদত কোৱা হৈছে যে-


(ক) কোনো লোককে প্ৰচলিত আইন ভংগ কৰাৰ বাহিৰে আন কাৰণত আটক কৰিব নোৱাৰিব আৰু আইন অমান্য কৰাৰ সময়ত যি শাস্তিৰ অৱস্থা আছে, তাতকৈ অধিক শাস্তিৰ বিধান দিব নোৱাৰিব।

(খ) কোনো ব্যক্তিক একে দুষতে এবাৰতকৈ অধিক শাস্তি দিব নোৱাৰিব।

(গ) কোনো ব্যক্তিক তেওঁৰ নিজৰ বিৰুদ্ধে সাক্ষ্যদান কৰিবলৈ বাধ্য কৰিব নোৱাৰিব।

 

১৫)মৌলিক অধিকাৰৰ সীমাবদ্ধতাসমূহ আলোচনা কৰা আৰু সেইবোৰৰ যুক্তিযুক্ততাৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন কৰা।


উত্তৰঃ মৌলিক অধিকাৰৰ সীমাবদ্ধতাসমূহ হল-


(১) সংবিধান সমতাৰ অধিকাৰ আছে যদিও চৰকাৰে বিশেষ শ্ৰেণীৰ লোকৰ বাবে বিশেষ ব্যৱস্থা কৰিব পাৰে। অৰ্থাৎ অনুসূচিত জাতি-জনজাতিৰ লোক, সমাজৰ পিচপৰা সম্প্ৰদায়ৰ লোকৰ বাবে বিধানমণ্ডলত আসন সংৰক্ষণৰ ব্যৱস্থা আৰু চাকৰিৰ ক্ষেত্ৰত বিশেষ সুবিধা দান আদিক সমালোচকসকলে সমতাৰ অধিকাৰবিৰোধী বুলি জ্ঞান কৰে।


(২) স্বাধীনতাৰ অধিকাৰৰ ক্ষেত্ৰত চৰকাৰে যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে। ৰাষ্ট্ৰপতিৰ দ্বাৰা ঘোষিত জাতীয় জৰুৰীকালীন অৱস্থা চলি থকা সময়ত সংবিধানত ১৯ নং অনুচ্ছেদৰ অধীনত নাগৰিকে ভোগ কৰা মৌলিক অধিকাৰ খৰ্ব হয়।


(৩) চৰকাৰে মৌলিক অধিকাৰ সংশোধন কৰি কিছুমান অধিকাৰ বাতিল কৰিব পাৰে। ১৯৭৮ চনৰ ৪৪ তম সংশোধনৰ দ্বাৰা সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ তালিকাৰ পৰা বাদ দিয়া হৈছে।


(৪) মৌলিক অধিকাৰৰ ভিতৰত নাগৰিকৰ বাবে কোনো অৰ্থনৈতিক অধিকাৰ নাই। কামৰ অধিকাৰ, জিৰণিৰ অধিকাৰ আদিৰ লেখীয়া অৰ্থনৈতিক অধিকাৰবোৰ সামৰি নোলোৱাৰ ফলত জনসাধাৰণ পক্ষে মৌলিক অধিকাৰৰ গুৰুত্ব বহুলাংশে হ্ৰাস পাইছে।


(৫) আমাৰ দেশৰ ন্যায়িক ব্যৱস্থা অতিশয় ব্যয়বহুল,সাধাৰণ মানুহৰ পক্ষে ন্যায়ালৰ জৰিয়ৰে মৌলিক অধিকাৰসমূহৰ ৰক্ষা কৰা সহজ নহয়।


(৬) দেশৰ জৰুৰীকালীন অৱস্থা থাকিলে কিছুমান অধিকাৰ স্থগিত ৰখা হয়। তদুপৰি সংসদে নিবাৰক নিৰোধ আইন আৰু আভ্যন্তৰীণ নিৰাপত্তা সংৰক্ষণ আইন আদিৰ নিচিনা আইন প্ৰণয়ন কৰি জনসাধাৰণৰ মৌলিক অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰিব পাৰে।


মৌলিক অধিকাৰৰ ক্ষেত্ৰত কিছুমান বাধা-নিষেধ আৰোপ হৈছে যদিও এই অধিকাৰবোৰ মূল্যহীন নহয়। কিয়নো মানুহে কিছুমান সীমাবদ্ধতাৰ মাজতহে অধিকাৰ ভোগ কৰিব পাৰে। নাগৰিকসকলে অধিকাৰ ভোগ কৰোতে সামাজিক আৰু ৰাষ্ট্ৰীয় স্বাৰ্থলৈ চকু দিব লাগিব। কাৰণ ৰাষ্ট্ৰৰ পৰাহে মানুহে অধিকাৰ পায় আৰু ৰাষ্ট্ৰই অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত ৰক্ষণাবেক্ষণ দিয়ে।

 

 

 

Comments

Popular posts from this blog

Class 12 MCQs Part A Assamese Medium

Part B Chapter 2 Assamese

Class 12 MCQs Part B Assamese Medium