Part B Chapter 4: ভাৰতবর্ষৰ বৈদেশিক সম্পর্ক

 

1. ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে ভাৰতৰ পাৰমাণৱিক নীতি। ভাৰতত ১৯৪০ ৰ দশকত হোমী জাহাংগীৰ ভাবাৰ নেতৃত্বত পাৰমাণৱিক কাৰ্যসূচীৰ আৰম্ভ হয়। দ্বীতিয় বিশ্ব যুদ্ধৰ পিছৰ পৰা বিশ্বৰ ভয়াৱহভাৱে বৃদ্ধি পাব ধৰা পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ নিৰ্মাণৰ পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰসংঘই পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তিত স্বাক্ষৰ কৰিবলৈ ৰাষ্ট্ৰসমূহক আহ্বান জনায়। কিন্ত ভাৰতে অনুভৱ কৰে যে এই চুক্তিখন বৈষম্যমূলক আৰু সেয়ে স্বাক্ষৰ কৰাৰ পৰা বিৰত থাকে । ১৯৬৩ চনত ভাৰতে আংশিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তিত স্বাক্ষৰ কৰে। ১৯৯৯ চনত ভাৰতে বিশ্বাসযোগ্য নূন্যতম প্ৰতিৰোধৰ আধাৰত এক পাৰমাণৱিক মতবাদৰ আৰম্ভ কৰে আৰু ঘোষণা কৰে যে ভাৰতে ভৱিষ্যতে কেতিয়াও প্ৰথমে পাৰমাণৱিক যুদ্ধাস্ত্ৰ ব্যৱহাৰ নকৰে। কিন্তু পাৰমানৱিক আক্রমণৰ প্রত্যুত্তৰৰূপে এই অস্ত্র ব্যৱহাৰ কৰাৰ অধিকাৰ ভাৰতৰ আছে। ভাৰতে ২০০৩ চনত আনুষ্ঠানিকভাৱে  কৌশলগত পাৰমাণৱিক কৰ্তৃত্ব গঠন কৰে। ভাৰতবৰ্ষই সুসংহত পৰীক্ষা নিষিদ্ধকৰণ চুক্তিত স্বাক্ষৰ কৰাৰ ক্ষেত্ৰতো বিৰত আছে। ভাৰতবৰ্ষ আন্তঃৰাষ্ট্ৰীয় আণৱিক ইন্ধন এজেন্সিৰো সদস্য ৰাষ্ট্ৰ।ৰাষ্ট্ৰখনে সদায় আণৱিক ইন্ধনৰ শান্তিপূৰ্ণ উদ্দেশ্যত উৎপাদন আৰু ব্যৱহাৰক সমৰ্থন জনাই আহিছে। ভাৰতে কেতিয়াও পাৰমাণৱিক যুদ্ধাস্ত্ৰৰ ধ্বংসকাৰী ব্যৱহাৰক উৎসাহিত নকৰে।


পঞ্চশীল’ বুলিলে কি বুজা? পঞ্চশীল নীতিৰ উল্লেখ কৰা।

উত্তৰঃ পঞ্চশীল হল ১৯৫৪ চনত ভাৰত আৰু চীনৰ মাজত স্বাক্ষৰিত চুক্তি। এই চুক্তি ভাৰতৰ জৱাহৰলাল নেহৰু আৰু চীনৰ চৌ এন লাইৰ মাজত স্বাক্ষৰিত হৈছিল। এই চুক্তিত উল্লেখিত পাচঁটা নীতি হলঃ-

(১) আন ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মান তথা শ্ৰদ্ধা প্ৰদৰ্শন,

(২) ৰাষ্ট্ৰসমূহৰ মাজত পাৰস্পৰিক অনাক্ৰমণ,

(৩) আন দেশৰ আভ্যন্তৰীণ বিষয়ত অহস্তক্ষেপ,

(৪) ৰাষ্ট্ৰসমূহৰ মাজত সমতা আৰু পাৰস্পৰিক সুবিধা,

(৫) পৰস্পৰ শান্তিপূৰ্ণ সহাৱস্থান।


৩. ভাৰতৰ বৈদেশিক নীতিৰ যিকোনো চাৰিটা নীতি উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ বৈদেশিক নীতিৰ চাৰিটা নীতি হলঃ

(১) গোষ্ঠীনিৰপেক্ষতাঃ ভাৰতৰ বৈদেশিক নীতিৰ অন্যতম নীতি হল গোষ্ঠীনিৰপেক্ষতা। ইয়াৰ অর্থ ভাৰতবর্ষই কোনো এটা বিশ্ব শক্তিৰ গোটত  যোগদান নকৰি দুয়োটা গোটৰ লগত বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন কৰিব। শীতল যুদ্ধৰ পৰিপ্ৰেক্ষিতত এই নীতি অৱলম্বন কৰিছিল যদিও শীতল অন্তৰ পিছতো এই নীতি ভাৰতীয় বৈদেশিক নীতিৰ অভিন্ন অংগ হৈ ৰৈ যায়। বৰ্তমান ই ভাৰতৰ বৈদেশিক নীতিৰ এক মূল নীতি।

(২) ন্যায়সংগত লক্ষ্যসাধনঃ ন্যায়সংগত লক্ষ্যসাধন ভাৰতীয় বৈদেশিক নীতিৰ আন এক অন্যতম নীতি । ৰাষ্ট্ৰখনে সদায় আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ সমাধানৰ ক্ষেত্ৰত ন্যায়সংগত ব্যৱস্থা অৱলম্বনৰ পক্ষত গুৰুত্ব দি আহিছে আৰু সমৰ্থন জনাই আহিছে। ভাৰতে সদায় যুদ্ধ, সংঘাত, হিংসা তথা ক্ষমতা প্ৰদৰ্শন নীতিৰ বিৰোধিতা কৰে আৰু কেৱল শান্তি আৰু অহিংস পথৰ সমৰ্থন জনাই আহিছে।

(৩) উপনিবেশিকতাবাদী আৰু সাম্ৰাজ্যবাদী শাসনৰ বিৰোধিতাঃ ভাৰতীয় বৈদেশিক নীতিৰ আন এক গুৰুত্বপূ্ৰ্ণ নীতি হল উপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতা কৰা।ভুক্তভোগী ভাৰতে সদায় উপনিৱেশিক আৰু সাম্ৰাজ্যবাদী শাসনৰ বিৰোধিতা কৰে। এই চিন্তাৰ দ্বাৰাই ভাৰতে এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহক উপনিৱেশিকতাবাদী শাসনৰ কৱলৰ পৰা মুক্ত ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছিল। চীন, দক্ষিণ আফ্রিকাক স্বাধীন ৰাষ্ট্রৰূপে স্বীকৃতি দিয়া দেশবোৰৰ ভিতৰত ভাৰত অন্যতম।

(৪) আন ৰাষ্ট্ৰসমূহৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠাঃ ভাৰতৰ বৈদেশিক নীতিৰ আন এক উল্লেখযোগ্য নীতি হল বিশ্বৰ ৰাষ্ট্ৰসমূহৰ সৈতে কোনো সামৰিক মিত্ৰতাত আবদ্ধ নহোৱাকৈবন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা। সেইবাবে ৰাষ্ট্ৰখনে আন ৰাষ্ট্ৰসমূহৰ লগত অৰ্থনৈতিক, ৰাজনৈতিক,সাংস্কৃতিক,বিজ্ঞান-প্ৰযুক্তিবিদ্যা আদি বিষয়ত চুক্তি আৰু দ্বিপাক্ষিক সন্ধিত আবদ্ধ হৈ আহিছে। ইয়াৰ ওপৰিও ভাৰতবর্ষই ৰাষ্ট্রসংঘক এই ক্ষেত্রত যথেষ্ট সহযোগিতা কৰে।


৪.ভাৰতে কিয় গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰিছে?- কাৰণ দৰ্শোৱা।

উত্তৰঃ শীতল যুদ্ধৰ কালৰে পৰা ভাৰতে বিভিন্ন কাৰণত গোষ্ঠীনিৰপেক্ষ নীতি অৱলম্বন কৰি আহিছে। সেই কাৰণ সমূহ তলত উল্লেখ কৰা হলঃ

(১) ভাৰতে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ প্ৰধান কাৰণ হৈছে যে ভাৰতে কোনো ৰাষ্ট্ৰকে বা পক্ষকে বিশেষভাৱে সমৰ্থন কৰিব নোখোজে আৰু চামিল হব নিবিচাৰে। ৰাষ্ট্ৰখনে সকলো ৰাষ্ট্ৰৰ লগতে সম দূৰত্ব আৰু সম বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিব বিচাৰে।

(২) ভাৰতে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ আন এক অন্যতম কাৰণ হল ৰাষ্ট্ৰখনে সদায় সহযোগিতা, বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ নীতিত বিশ্বাস কৰে আৰু গোষ্ঠীনিৰপেক্ষ নীতিৰ জৰিয়তে ভাৰতে বিশ্বৰ সকলো ৰাষ্ট্ৰৰ লগতে এনে ধৰণৰ সম্পৰ্ক বজাই ৰাখিবলৈ সদায় চেষ্টা কৰে।

(৩) তদুপৰি ভাৰতে সদায় যুদ্ধ আৰু সংঘাত আদিৰ অন্ত পেলাই বিশ্ব শান্তি প্ৰতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব দিয়ে আৰু গোষ্ঠীনিৰপেক্ষ নীতি অৱলম্বন কৰি ৰাষ্ট্ৰসমূহৰ মাজত বিবাদ মীমাংসা কৰিবলৈ চেষ্টা কৰে।

(৪) ভাৰতে গোষ্ঠীনিৰপেক্ষ নীতি গ্ৰহণৰ আন এক কাৰণ হল যে ভাৰতে এই নীতিৰ অৱলম্বনৰ দ্বাৰা সদায় নিজৰ স্বতন্ত্ৰতা বজাই ৰাখিব বিচাৰে। 

(৫) তদুপৰি ভাৰতে পঞ্চশীল নীতিৰ ওপৰত বিশ্বাসী আৰু এই নীতি ৰাষ্ট্ৰখনে গ্ৰহণো কৰিছে ।এই পঞ্চশীল নীতি গোষ্ঠীনিৰপেক্ষ নীতিৰ মূল ভেটি বা ই গোষ্ঠীনিৰপেক্ষ নীতিকে প্ৰতিফলিত কৰে।


বস্তুনিষ্ট প্রশ্নৰ উত্তৰ:

১.‘চিমলা চুক্তি’ কোন চনত স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ‘চিমলা চুক্তি’ ১৯৭২ চনত স্বাক্ষৰিত হৈছিল।

২.এন. পি. টি (N.P.T) – ৰ সম্পূৰ্ণ অৰ্থ কি?

উত্তৰঃ এন.পি.টি (N.P.T) ৰ সম্পূৰ্ণ অৰ্থ হ’ল - Nuclear Non-Proliferation Treaty বা পাৰমাণৱিক নিৰস্ত্ৰীকৰণ চুক্তি।

৩. ভাৰতৰ কোন প্ৰধানমন্ত্ৰীয়ে ‘পঞ্চশীল নীতি’ ঘোষণা কৰিছিল?

উত্তৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ‘পঞ্চশীল নীতি’ ঘোষণা কৰিছিল। 

৪. চীনে ভাৰত কোন চনত আক্ৰমণ কৰিছিল?

উত্তৰঃ চীনে ভাৰত ১৯৬২ চনত আক্ৰমণ কৰিছিল।

৫. ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে ‘চিমলা চুক্তি’ ত স্বাক্ষৰ কৰিছিল?

উত্তৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ‘চিমলা চুক্তি’ত স্বাক্ষৰ কৰিছিল।

৬. NEFA ৰ সম্পূ্ৰ্ণ ৰূপটো লিখা।

উত্তৰঃ NEFA ৰ সম্পূৰ্ণ ৰূপটো হ’ল- North Eastern Frontier Agency ।

৭. বাণ্ডুং সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল?

উত্তৰ: ১৯৫৫ চনত।

৮.নেহৰুৰ বৈদেশিক নীতিৰ দুটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা ।

উত্তৰঃ নেহৰুৰ বৈদেশিক নীতিৰ দুটা প্ৰধান উদ্দেশ্য হ’লঃ

(১) বহু কষ্ট আৰু ত্যাগৰ বিনিময়ত প্ৰাপ্ত ভাৰতৰ সাৰ্বভৌমত্বৰ সংৰক্ষণ,

(২) দেশৰ ভৌগোলিক অখণ্ডতাৰ ৰক্ষণাবেক্ষণ।

৯. বাংলাদেশ যুদ্ধ কেতিয়া হৈছিল?

উত্তৰঃ বাংলাদেশ যুদ্ধ হৈছিল ১৯৭১ চনত।

১০. পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত থকা দুটা উদ্বিগ্নতাপূৰ্ণ দিশ উল্লেখ কৰা।

উত্তৰঃ পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কত থকা দুটা উদিগ্নতাপূৰ্ণ দিশ হ’লঃ

(১) কাশ্মীৰ সমস্যা আৰু  (২) সশস্ত্ৰ আক্ৰমণ তথা সন্ত্ৰাসবাদ।




Comments

Popular posts from this blog

Class 12 MCQs Part A Assamese Medium

Part B Chapter 2 Assamese

Class 12 MCQs Part B Assamese Medium